LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

যাত্রীক আগতীয়াকৈ উপস্থিত হ'বলৈ আহ্বান

lgbiap

LGBIA:

পাকিস্তানৰ লগত সৃষ্টি হোৱা সংঘাতময় পৰিস্থিতিত সতর্কতামূলক ব্যৱস্থা হিচাপে দেশৰ ২৪টাকৈ বিমানকোঠ বন্ধ কৰি দিয়া হৈছে। খোলা ৰখা বিমানকোঠবোৰতো নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে। লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠতো বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা

ইয়াৰ বাবে নিয়োগ কৰা হৈছে অতিৰিক্ত নিৰাপত্তা বাহিনীৰ লোক। বিমানকোঠৰ বাহিৰে-ভিতৰে তালাচীও বৃদ্ধি কৰা হৈছে। অৱশ্যে এনেদৰে সুৰক্ষা ব্যৱস্থা বৃদ্ধি কৰিলেও বিমানকোঠটোৰ পৰা বিমানৰ চলাচল স্বাভাবিক ৰূপত অব্যাহত আছে। নিৰাপত্তা ব্যৱস্থা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত যাত্ৰীৰ তালাচীত অধিক সময়ৰ প্ৰয়োজন হৈছে। সেয়েহে কর্তৃপক্ষই যাত্ৰীসকলক বিমানৰ যাত্ৰাৰ সময়তকৈ পাৰ্যমানে আগতীয়াকৈ উপস্থিত হ’বলৈ আহ্বান জনাইছে।

এই সন্দর্ভত ইতিমধ্যে জাৰি কৰা জাননীত উল্লেখ কৰা হৈছে যে নিৰাপত্তা প্রট’কল বৃদ্ধি কৰাৰ বাবে যাত্ৰীৰ অপেক্ষাৰ সময়ো বৃদ্ধি হৈছে। সেয়েহে সকলো যাত্রীকে পার্যমানে আগতীয়াকৈ বিমানকোঠত উপস্থিত হ’বলৈ জাননীত উল্লেখ কৰা হৈছে। সমান্তৰালভাৱে সকলো যাত্রীকে সুৰক্ষা প্রট’কলত সহযোগিতা কৰিবলৈয়ো জাননীখনত আহ্বান জনোৱা হৈছে। ইয়াৰ সমান্তৰালকৈ গুৱাহাটী বিমানকোঠৰ সামাজিক মাধ্যমক অনুসৰণ কৰিবলৈ যাত্ৰীসকলক আহ্বান জনাইছে কর্তৃপক্ষই।

Exit mobile version