PM Narendra Modi:”তেওঁলোকে গুলীচালনা কৰিলে, আমিও গুলীচালনা কৰিম”,আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ আগত প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ ভাষ্য।
কালি ভাৰতে পাকিস্তানৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে। এই শান্তি চুক্তিৰ মধ্যস্থতা কৰিছে আমেৰিকাৰই ।
সূত্ৰ অনুসৰি, তেতিয়াই মোদীয়ে ঘোষণা কৰিছিল যে পাকিস্তানে গুলিচালনা কৰিলে ভাৰতেও ৰেহাই নিদিয়ে। তেওঁলোকক তীব্ৰ সঁহাৰি দিয়া হ’ব।
পাকিস্তানৰ সৈতে যুদ্ধবিৰতি হ’লেও ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া বন্ধ নকৰে। সেই কাম আগৰ দৰেই চলি থাকিব।
কালি এই কথা ঘোষণা কৰে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে। শনিবাৰে পাকিস্তানৰ অনুৰোধত নতুন দিল্লীয়ে কাৰ্যতঃ যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে।
দৰাচলতে বিগত কিছুদিন ধৰি ভাৰতৰ স’তে সংঘাতত পাকিস্তান ক্ৰমাগতভাৱে পিছ পৰি আছে। বিশেষজ্ঞসকলৰ মতে, শ্বাহবাজ শ্বৰীফ চৰকাৰে পৰাজয় নিশ্চিত বুলি জানি যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিছিল। আমেৰিকাৰ মধ্যস্থতাত ভাৰতে এই প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰে।