বেছিভাগ শিশুৱেই এতিয়া ম’বাইল ফোনকেন্দ্রিক শৈশৱ। এইটো এটা ৰোগৰ দৰে। যদিও প্রথম দৃষ্টিত বেছি যেন নালাগিব পাৰে, তথাপি এই বিপজ্জনক নিচাই দীর্ঘম্যাদী ক্ষতি কৰিব পাৰে। আনকি ম’বাইল ফোনৰ নিচায়ো শিশুৰ আচৰণৰ পৰিৱৰ্তন ঘটাব পাৰে। আপোনাৰ সন্তানো সলনি হৈছেনে? তেনে ক্ষেত্রত কে’বাটাও লক্ষণ লক্ষ্য কৰিলে অভিভাৱকসকলে সজাগ হোৱাটো গুরুত্বপূর্ণ।
১। খিংখিঙীয়া আৰু দ্রুত খং: শিশুৱে ম’বাইলৰ পৰা তৎক্ষণাত আনন্দ লাভ কৰে। লাহে লাহে এই মনোৰঞ্জন নিচাতে পৰিণত হয়। গতিকে, যদি ফোনটো লৈ যায়, তেন্তে তেওঁলোকৰ খং খুব সোনকালে উঠে। এই ক্ষেত্ৰত সৰু সৰু কথাক লৈ চিঞৰ বা খং উঠাতো এটা সাধাৰণ লক্ষণ।
২। সামাজিক দক্ষতা হ্রাস: ম’বাইল ফোনে শিশুৰ ওপৰত বহুতো নেতিবাচক প্রভাৱ পেলায়। ফোনৰ জগতখনত মনোৰঞ্জন বিচাৰি বহুবাৰ কণমানি সদস্যজনে সকলোৰে লগত কথা পতা বন্ধ কৰি দিয়ে। স্কুলত পিতৃ-মাতৃ, বন্ধু-বান্ধৱী বা শিক্ষকৰ লগত কথা পাতিব নিবিচাৰে। শিশুরে নিজকে বন্ধ ঠাইত আবদ্ধ কৰি ৰাখিব বিচাৰে, ফলত তেওঁলোকৰ সামগ্রিক বৃদ্ধিত বাধাৰ সৃষ্টি হয়।
৩। মনোযোগ দিয়াৰ ক্ষমতা কমি যোৱা: ম’বাইল ফোন ধাৰাবাহিকভাৱে চোৱাৰ বাবে মাত্র কেইমিনিটমানৰ ভিতৰতে শিশুৰ মনোযোগ স্থানান্তৰিত হ’বলৈ আৰম্ভ কৰে। স্কুল বা পঢ়াৰ সময়ত তেওঁলোকৰ মনোযোগ কমি যাব পাৰে। সৰু সৰু কথাবোৰো পাহৰিবলৈ আৰম্ভ কৰে। এই ধৰণৰ আচৰণক আওকাণ কৰা উচিত নহয়।
৪। টোপনিৰ অসুবিধা: ফোনটোৰ নীলা পোহৰে টোপনিৰ মান নষ্ট কৰি পেলায়। ফোনত আসক্ত শিশু ৰাতিলৈকে উজাগৰে থাকে আৰু পুৱা দেৰিকৈ সাৰ পায়। যাৰ বাবে তেওঁলোকে সৰু সৰু কথাবোৰত বিৰক্ত হয়। আনকি বহু জটিল ৰোগৰ বলি হ’ব পাৰে।
৫। জেদী আৰু অসহযোগী মনোভাব: ম’বাইল ফোন অভ্যাসৰ বাবে শিশুৱে প্রায়ে সকলো কথাকে ‘নাই’ ক’বলৈ আৰম্ভ কৰে। অনবৰতে মাক-দেউতাকৰ আজ্ঞা অমান্য কৰিবলৈ আৰম্ভ কৰে, নিজৰ ইচ্ছামতে কামবোৰ কৰিব বিচাৰে। সকলোতে জেদী হৈ পৰে। এইবোৰ লক্ষণ দেখা পালে সাৱধান হোৱাটো জৰুৰী।