Sri Lanka: শ্ৰীলংকাত বাছ দুৰ্ঘটনাত ১৫ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু। আহত হৈছে কমেও ৩০ জন লোক। দেওবাৰে পুৱা কোটমালৰ পাহাৰীয়া অঞ্চলত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি চৰকাৰী বাছত কটাৰগামাৰ পৰা কুৰুনেগালালৈ গৈ আছিল ৭০জন বৌদ্ধ তীৰ্থযাত্ৰী।
সেই সময়ত পাহাৰীয়া পথত নিয়ন্ত্ৰণ হেৰুৱাই বাছখন খাৱৈত বাগৰি পৰে। থিতাতে মৃত্যু হয় পোন্ধৰজন যাত্ৰীৰ। অৱশ্যে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে আৰক্ষী আৰু উদ্ধাৰকাৰীয়ে।
এজন আৰক্ষী বিষয়াই কয় যে সাম্প্ৰতিককালত এনে বৃহত দুৰ্ঘটনা সংঘটিত হোৱা নাই। বাছখনত প্ৰয়োজনতকৈ অধিক যাত্ৰী কঢ়িয়াই আনিছিল। ইয়াত প্ৰায় পঞ্চাশজন যাত্ৰী উঠাব লাগিছিল। কিন্তু অতিৰিক্ত ২০ জন লোককো লৈ যোৱা হয়।
এজন আৰক্ষী বিষয়াই সংবাদ সংস্থাক জনোৱা মতে, এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হয় তাৰ তদন্ত চলি আছে। যান্ত্ৰিক বিজুতি আছিল নে চালকৰ ভুল আছিল সেই বিষয়ে তদন্ত কৰা হ’ব।
আৰক্ষীয়ে জনোৱা মতে, দুৰ্ঘটনাটোৰ তথ্য লাভ কৰি উদ্ধাৰকাৰী দলে সেই স্থানত উপস্থিত হয়।
আহতসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। নিহত আটাইকেইজন বৌদ্ধ তীৰ্থযাত্ৰী। শ্ৰীলংকাত প্ৰতি বছৰে গড়ে তিনি হেজাৰটা পথ দুৰ্ঘটনা সংঘটিত হয়।
স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি ২০০৫ চনৰ পাছত এইবাৰ এনে বৃহৎ দুৰ্ঘটনা সংঘটিত হৈছে।২০২১ চনতো বাছ দুৰ্ঘটনা সংঘটিত হৈছিল।সেই সময়ত তেৰজন লোকৰ মৃত্যু হৈছিল