Airport Authority of India: ভাৰত-পাকিস্তানৰ উত্তেজনাৰ আবাহত বন্ধ হৈ থকা দেশৰ ৩২টা বিমানবন্দৰ সোমবাৰে মুকলি কৰা হয়। পুনৰ আৰম্ভ হৈছে বিমান সেৱা।
সোমবাৰে পুৱা এক বিবৃতিত ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই শীঘ্ৰে বিমান সেৱা মুকলি কৰাৰ নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত বিমান সংস্থাৰ কৰ্মচাৰীসকললৈ এখন জাননীও প্ৰেৰণ কৰা হৈছে।
ভাৰতৰ ‘অপাৰেচন সিন্দূৰ’ৰ পাছতে পাকিস্তানে যোৱা বৃহস্পতিবাৰে ভাৰতৰ সীমান্তৰ অঞ্চলসমূহক লক্ষ্য কৰি ড্ৰ’ন আক্ৰমণৰ চেষ্টা চলাইছিল।
ইয়াৰ পাছতে কেন্দ্ৰীয় চৰকাৰে নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পশ্চিম ভাৰতৰ ৩২টা বিমানবন্দৰ ১০ মে’লৈ বন্ধ কৰাৰ নিৰ্দেশ দিয়ে।
যদিও কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে যোৱা শুকুৰবাৰে এই সময়সীমা বৃদ্ধি কৰে। ১৫ মে’ৰ বিয়লি ৫:৩০ বজালৈকে সেই বিমানবন্দৰসমূহত সেৱা বন্ধ থাকিব বুলি ঘোষণা কৰা হয়।
আনহাতে শনিবাৰে বিয়লি দুয়োখন দেশে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰাৰ পাছতে সীমান্তত উত্তেজনাও কিছু পৰিমাণে হ্ৰাস হৈছে।
গতিকে পৰিৱৰ্তিত পৰিস্থিতিত সোমবাৰৰ পৰা পুনৰ বিমান সেৱা আৰম্ভ কৰা হৈছে। চণ্ডীগড়ৰ ছহিদ ভগত সিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সোমবাৰে পুৱা ১০:৩০ বজাৰ পৰা মুকলি কৰা হয়। অন্য বিমানবন্দৰতো ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে।
ভাৰত-পাকিস্তান সংঘাতৰ সময়ত বন্ধ হোৱা ৩২ টা বিমানবন্দৰৰ ভিতৰত অমৃতসৰ, চণ্ডীগড়, শ্ৰীনগৰ, লুধিয়ানা, পাটিয়ালা, শিমলা, কংৰা-গাগল, জয়ছালমেৰ, যোধপুৰ, বিকানেৰ, পাঠানকোট, জম্মু, লেহ, জামনগৰ, পোৰবন্দৰ, কণ্ডলা, ভুজ আদি কেবাটাও গুৰুত্বপূৰ্ণ বিমানবন্দৰ আছিল।
ইয়াৰ উপৰিও আকাশমাৰ্গৰ পৰিস্থিতি আৰু অসামৰিক বিমান পৰিবহণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বাকী বিমানবন্দৰসমূহৰ বাবেও গাইডলাইন জাৰি কৰা হয়। প্ৰতিটো বিমানবন্দৰত নিৰাপত্তা আৰু অধিক বৃদ্ধি কৰা হয়।
সোমবাৰৰ পৰা সেই সকলোবোৰ নিষেধাজ্ঞা শিথিল হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।






























