Ghagrapar:
দেওবাৰে পুৱাৰে পৰা নলবাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট গণনাৰ অন্তত আজি পুৱতি নিশা নলবাৰী সমষ্টিৰ ঘগ্রাপাৰ জিলা পৰিষদ সমষ্টিৰ ফলাফল ঘোষণা কৰা হয়। নলবাৰী জিলা পৰিষদৰ অন্তৰ্গত ঘগ্রাপাৰ জিলা পৰিষদৰ সমষ্টিৰ পৰা বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্রাৰ্থী ডিম্বেশ্বৰ বেজবৰুৱাই তেওঁৰ বিপৰীত প্রতিদ্বন্দ্বী কংগ্রেছ দলৰ প্ৰাৰ্থী বিজয় কুমাৰ তালুকদাৰক বিপুল সংখ্যক ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে নলবাৰী সমষ্টিৰ নৱগঠিত ঘগ্রাপাৰ জিলা পৰিষদ সমষ্টিটোৰ চাৰিটা গাওঁ পঞ্চায়তৰে গঠিত হৈছিল । এইবাৰ সমষ্টিটোৰ নিৰ্বাচনত ৮২.৪৫ শতাংশ ভোটাৰে ভোটদান কৰিছিল।সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা ২৮৩৬৩ গৰাকী থকাৰ বিপৰীতে ২৩১৬৮ গৰাকী ভোটাৰেহে ভোটদান কৰে।
আজি ভোট গণনাৰ ফলাফল অনুসৰি জিলা পৰিষদৰ সমষ্টিটোৰ পৰা বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্রাৰ্থী ডিম্বেশ্বৰ বেজবৰুৱাই ১৫,৪৬৯ ভোট পোৱাৰ বিপৰীতে কংগ্রেছ প্রাৰ্থী বিজয় কুমাৰ তালুকদাৰে ৫৭১৬ভোটতে সীমাবদ্ধতা থাকিবলগীয়া হয়। ঘগ্রাপাৰ জিলা পৰিষদৰ পৰা বিজেপিৰ মিত্ৰজোঁটৰ প্রাৰ্থী ডিম্বেশ্বৰ বেজবৰুৱাই বিজয় হোৱাৰ পিছতে ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। লগতে ডিম্বেশ্বৰ বেজবৰুৱাই সংবাদ মাধ্যমৰ আগত কয় যে জিলা পৰিষদৰ সমষ্টিটোত উন্নয়নমুলক কাম-কাজ কৰাই তেওঁৰ মুল লক্ষ্য হ’ব বুলি মন্তব্য কৰে।