Panchayat Election Result Update:বঙাইগাঁও জিলাত বিধ্বস্ত কংগ্ৰেছ , বিজেপি মিত্ৰজোঁটৰ জয়যাত্ৰা অব্যাহত

bongaigaon

Panchayat Election Result Update:

বঙাইগাঁও জিলাত বিধ্বস্ত কংগ্ৰেছ ৷ বিজেপি মিত্ৰজোঁটৰ জয়যাত্ৰা অব্যাহত । জিলা পৰিষদ দখলৰ দিশে অগ্ৰসৰ বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটৰ ৷ শেহতীয়া প্ৰাপ্ত ফলাফল অনুসৰি কংগ্ৰেছ এখন আসনত সীমাবদ্ধ হোৱাৰ বিপৰীতে নিৰ্দলীয়ই লাভ কৰে দুখন আসন ৷ আনহাতে বিজেপিয়ে ৫ আৰু অগপই ৪ খন আসন লাভ কৰে ৷

ADVERTISEMENT

বিজয়ী প্ৰাৰ্থী সকল হ’ল বিদ্যাপুৰ জাহানাৰা বেগম (অগপ), ঢালিগাঁৱৰ মৃদুলা সিংহ (অগপ),বঙাইগাঁও জিলা পৰিষদ শশী ভূষণ মেধি(অগপ),কোকিলা জিলা পৰিষদ ৰমেছউদ্দিন(নিৰ্দলীয় প্ৰাৰ্থী) ,ৰাঙাপানী জিলা পৰিষদ আবিদা চৌধুৰী(নিৰ্দলীয় প্ৰাৰ্থী), দলাইগাঁও মনালিছা কোঁচ(বিজেপি),উত্তৰ শালমাৰা জিলা পৰিষদ জ্যোতিৰ্ময় সৰকাৰ (বিজেপি),টাপাট্টাৰী জিলা পৰিষদ কেৰামত আলি (নিৰ্দলীয়),বইটামাৰী জিলা পৰিষদ পূৰ্ণিমা সৰকাৰ (বিজেপি),চক্ৰভৌম জিলা পৰিষদ জানকী ৰায় (অগপ),মাণিকপুৰ জিলা পৰিষদ শিখৰজিৎ সিংহ (বিজেপি),যোগীঘপা জিলা পৰিষদ আফচানা পাৰবীন(কংগ্ৰেছ) ৷

Exit mobile version