Panchayat Election Results 2025:ধেমাজিতো অপ্ৰতিৰোধ্য গতি মিত্ৰজোঁটৰ

১২ টা জিলা পৰিষদৰ আটাইকেইটা মিত্রজোঁটৰ দখলত

dhemaji

Panchayat Election Results 2025:

উত্তৰ অসমতো মিত্ৰজোঁটৰ দপদপনি ৷ ধেমাজিত অপ্রতিৰোধ্য বিজেপিৰ মিত্ৰজোঁটৰ। জিলা খনৰ ১২ টা জিলা পৰিষদৰ আটাইকেইটাতে মিত্রজোঁটৰ প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ৷ ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪টা জিলা পৰিষদ মিত্রজোঁটৰ দখল ৷ গোগামুখত বিজেপি প্রার্থী জ্যোতিপ্রভা পেগু ,বৰদলনি বিজেপি প্রার্থী খেমালি দৈমাৰী,১নং ধেমাজিত অগপ প্রার্থী লক্ষীধৰ শেনচোৱা,২নং ধেমাজিত বিজেপি প্রার্থী তিলুমণি পেগু কোঁৱৰ ৷ আনহাতে চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪টা জিলা পৰিষদ মিত্রজোঁটৰ দখলত ৷ চিচিবৰগাঁও জিলা পৰিষদত জয়ী বিজেপিৰ ভূপেন চুতীয়া,চিলাপথাৰত বিজেপি প্রার্থী অমলপ্রভা দাস,মাছখোৱাত , বিজেপি প্রার্থী জীৱন গগৈ,দক্ষিণ ধেমাজিত জয়ী অগপ প্রার্থী প্রণীতা গগৈ ৷

ADVERTISEMENT

জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪ টা জিলা পৰিষদো বিজেপিৰ দখলত ৷ সেই অনুসৰি বিজয়ী প্ৰাৰ্থী সকল হ’ল চিমেন চিচিংটঙানিত বিজেপিৰ বন্তিৱালা পেগু ,পশ্চিম জোনাইত বিজেপিৰ চাঞ্চুমা বসুমতাৰী,পূব জোনাইত বিজেপিৰ জয়ন্ত বড়িৰ ,মধ্য জোনাইত বিজেপিৰ মুন্না দলে ৷

আনহাতে ধেমাজি মহাবিদ্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় ৰাউণ্ডত ভোট গণনা শেষত বৰবাম গাও পঞ্চায়তত আঞ্চলিক সদস্য পদত জয়ী হয় অগপ প্ৰাৰ্থী পূৰ্ণ সোণোৱাল। জীয়াঢল পঞ্চায়তত আঞ্চলিক সদস্য বিজেপি প্ৰাৰ্থী গীতিকা পাংগিং মিলি জয়লাভ। বেঙেনাগড়া পঞ্চায়তত আঞ্চলিক সদস্য বিজেপি প্ৰাৰ্থী কুহিমা নৰহ পাংগিং জয়লাভ । গোগামুখ আঞ্চলিক সদস্য বিজেপি প্ৰাৰ্থী চন্দন পেগু জয়লাভ। দক্ষিণ ধেমাজি পঞ্চায়তত আঞ্চলিক সদস্য নিৰ্দলীয় প্ৰাৰ্থী মনোৰঞ্জন বুঢ়াগোহাই জয়লাভ । বৰদলনি পঞ্চায়তত আঞ্চলিক সদস্য বিজেপিৰ ৰূপজ্যোতি বৰুৱা জয়লাভ । মু্ক্তিয়াৰ পঞ্চায়তত আঞ্চলিক সদস্য নিৰ্দলীয় প্ৰাৰ্থী চন্দন দাসৰ জয়লাভ ৷ বেতনিপাম পঞ্চায়তত আঞ্চলিক সদস্য কংগ্ৰেছৰ নিকুমণি গগৈ কোঁৱৰ জয়লাভ।

Exit mobile version