Myanmar’s air strikes
ম্যানমাৰত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক ৷ এই ঘটনাত এখন বিদ্যালয়ৰ দুগৰাকী শিক্ষক সহ ২০ ছাত্ৰ-ছাত্ৰীৰ কৰুণ মৃত্যু ঘটে ৷আনহাতে আহত হয় ৫০ টি শিক্ষাৰ্থী ৷
প্ৰাপ্ত খবৰ অনুসৰি,ম্যানমাৰৰ সেনাই দেশখনৰ মধ্য ছাগিয়াঙ অঞ্চলৰ এখন গাঁৱত বিমান আক্ৰমণ চলাই ৷ এখন বিদ্যালয়ৰ ওপৰত বোমা নিক্ষেপ কৰাৰ ফলস্বৰূপে ২০ জন ছাত্ৰ-ছাত্ৰী আৰু দুজন শিক্ষকৰ ঘটনাস্থলীতে মৃত্যু ঘটে ৷ টাবিয়ান টাউনশ্বীপ এলেকাৰ অহে টিন টুইন গাঁৱত পুৱাই সংঘটিত এই বিস্ফোৰণত আহত হয় ৫০ জন ছাত্ৰ-ছাত্ৰী ৷ আনহাতে এই ঘটনাৰ দ্বায়িত্ব স্বীকাৰ কৰিছে জুণ্টা মিলিটেৰীয়ে।
উল্লেখ্য যে, ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত আউং ছান ছু কিৰ নিৰ্বাচিত চৰকাৰক ক্ষমতাৰ পৰা বিতাড়িত কৰিছিল জুল্টা মিলিটেৰীয়ে ৷ আনকি গৃহবন্দী কৰি ৰাখে আউং ছান ছু কিক ৷ ইয়াৰ পিছৰে পৰা জুণ্টা মিলিটেৰীৰ বিৰুদ্ধে সময়ে সময়ে বিদ্ৰোহী বাহিনীয়ে সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰাখিছে ৷৬৬০০ৰো অধিক সাধাৰণ নাগৰিকক শাসনাধিষ্ঠিত জুণ্টা বাহিনীয়ে হত্যা কৰাৰ অভিযোগ উদ্থাপিত হৈছে।
শেহতীয়াকৈ ভূমিকম্পৰ ফলত প্ৰভাৱিত হোৱা অঞ্চলৰ বিদ্যালয়খনত বিমান আক্ৰমণৰ খবৰ লাভ কৰি ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে “সশস্ত্ৰ সংঘাতৰ সময়তো বিদ্যালয়সমূহক সুৰক্ষিত কৰিব লাগিব ৷