Asiatic Pennywort: ঘৰৰ পিৰালিয়েই হওক বা চোতালেই হওক, যিকোনো ঠাইতে গুজি থ’লেই দুদিনমানৰ পাছত লহপহকৈ বাঢ়ি আহি কিছু ঠাই আগুৰি ধৰে এইবিধ শাকে।
শাকেই কওক বা সাধাৰণ উদ্ভিদ বুলিয়েই কওক, মানিমুনি কিন্তু আমাৰ গাঁৱলীয়া জীৱনৰ অতি চিনাকি নাম। এইবিধ উদ্ভিদ আমাৰ গাঁৱলীয়া সমাজত শাক ৰূপে খালেও প্রকৃততে ইয়াৰ বনৌষধি গুণৰ বাবেহে অধিক সমাদৃত হৈ আছে।
বিভিন্ন ৰোগৰ পথ্য হিচাপেই মানিমুনি শাকৰ তৰকাৰি বা আঞ্জা খোৱা হয়। ইয়াৰ উপৰি আন কেতবোৰ উপায়েৰেও এইবিধ শাক ব্যৱহাৰ কৰিব পাৰি।
আমাৰ দেশত অঞ্চলভেদে মানিমুনিক টেয়া, মানকি, তিতুরা, থানকুনি, আদামনি, ঢোলামনি, থুলকুড়ি আদি নামেৰে জনা যায়। ইয়াৰ ইংৰাজী নাম Indian Pennywort। স্বাদ সামান্য তিতা চানেকীয়া হ’লেও মানিমুনি অত্যন্ত উপকাৰী। ইয়াৰ পাতৰ পৰা অনেক ৰোগৰ উপশম ঘটে। গতিকে খোৱাৰ আগতে সেই উপকাৰৰ বিষয়েও আপুনি জানি লোৱা উচিত।
⇨ বেঙেনা বা অমিতাৰ লগত মানিমুনিৰ পাত দি আঞ্জা বান্ধি প্রতিদিনে এমাহ খালে হজম শক্তি বৃদ্ধি পায়।
⇨ মানিমুনিৰ পাতৰ ৰস এচামুচ আৰু শেৱালি ফুলগছৰ পাতৰ ৰস এচামুচ মিহলাই সদায় পুৱা খালে জ্বৰ ভাল হয়।
⇨ সামান্য পৰিমাণৰ আমগছৰ ছাল, আনাৰসৰ কেঁচা পাত এটা, কেঁচা হালধিৰ ৰস, ৪/৫ ডাল মানিমুনি শাকৰ শিপা ভালদৰে ধুই একেলগে বটি ৰস উলিয়াই খালী পেটত খালে পেটৰ অসুখ ভাল হয়। সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত এই পথ্য অধিক কার্যকৰী।
⇨ আধা লিটাৰ গাখীৰত ২৫০ গ্রাম মিছিৰি আৰু ১৭৫ গ্রাম মানিমুনি পাতৰ ৰস একেলগে মিহলাই প্রতিদিনে পুৱা এসপ্তাহলৈ খালে গেষ্টিক ভাল হয়।
⇨ দুচামুচ মানিমুনিৰ ৰস সামান্য চেনিৰ স’তে খালে শুকান কাহৰ পৰা ততালিকে আৰাম পোৱা যায়। এসপ্তাহলৈ খালে সম্পূর্ণৰূপে ভাল হয়।
⇒ সদায় পুরা খালীপেটত চাৰি চামুচ মানিমুনিৰ ৰস আৰু এচামুচ মৌ মিহলাই এসপ্তাহ খালে তেজ পৰিষ্কাৰ হয়।
⇨ যিবোৰ শিশুৱে কথা কওঁতে পলম কৰে বা অস্পষ্ট হয়, সেইক্ষেত্রত এচামুচকৈ মানিমুনিৰ ৰস গৰম কৰি ঠাণ্ডা হ’লে ২০/২৫ টোপাল মৌ মিহলাই ঠাণ্ডা গাখীৰৰ স’তে কিছুদিন খুৱালে সমস্যা দূৰ হয়।
⇨ প্রতিদিনে পুরা ৫/৭টা মানিমুনিৰ পাত সাতদিনলৈ চোবাই খালে আমাশয় ভাল হয়। মানিমুনিৰ পাত বটি সেই ৰসৰ স’তে চেনি মিলাই দুচামুচকৈ দিনে দুবাৰকৈ খালেও আমাশয় ভাল হয়।
⇨ মানিমুনিৰ পাত বটি গৰম ভাতৰ স’তে খালে পেটৰ বিষ নিৰাময় হয়।
⇒ সদায় পুৱা মানিমুনিৰ ৰস এচামুচ এচামুচ, ৫/৬ টোপাল হালধিৰ বসত সামান্য চেনি আৰু মৌ মিহলাই এমাহলৈ খালে যকৃতৰ সমস্যা ভাল হয়।
সহজলভ্য আৰু পুষ্টিকৰ গুণেৰে সমৃদ্ধ বাবে সুস্বাস্থ্যৰ কাৰণে মানিমুনি শাক বৰ উপকাৰী। সেয়ে প্রতিদিনে খাদ্যৰ তালিকাত ৰাখক মানিমুনি শাক আৰু নিশ্চিত কৰক সুস্বাস্থ্য।