China-US Tariff Understanding: একেদিনাই ১২০০ পইণ্টৰ পতন ঘটিল ছেনছেক্সৰ

চীন-মার্কিন শুল্ক বুজাবুজি : পুনৰ অস্থিৰ দেশৰ শ্বেয়াৰ বজাৰ

SENTEX

China-US Tariff Understanding:

ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ প্ৰভাৱত ৰকেটৰ গতিত দেশৰ দুয়োখন শ্বেয়াৰ বজাৰৰ উত্থান ঘটে যদিও ইয়াৰ সম্পূৰ্ণ বিপৰীত ঘটনা শ্বেয়াৰ বজাৰ দুখনত সংঘটিত হয়। চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত চলি থকা শুল্ক যুদ্ধ দুয়োখন দেশে ত্যাগ কৰি পৰস্পৰে পৰস্পৰৰ ওপৰত আৰোপ কৰা বর্ধিত শুল্ক ৯০ দিনলৈ স্থগিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰে।

ADVERTISEMENT

চীন আৰু মার্কিন প্রশাসনে বুজাবুজিৰ মাজেৰে স্থগিত ৰখা শুল্ক যুদ্ধৰ প্ৰভাৱত আজি ভাৰতৰ শ্বেয়াৰ বজাৰ একপ্ৰকাৰ ধৰাশায়ী হয়। মঙলবাৰে একেদিনাই ব’ম্বে ষ্টক এক্সচেঞ্জৰ সূচকাংক (ছেনছেক্স) ৰ ১২০০ পইণ্টৰ পতন ঘটে। ফলত আজি ছেনছেক্স কালিৰ ৮২ হেজাৰৰ ঘৰৰ পৰা ৮১,১৪৮.২২ লৈ নামি আহে। একেদৰে আজি নিফটীৰো ৩৪৬ পইণ্টৰ পতন ঘটি ২৪,৫৭৮.৩৫ হয়।

ফলত শ্বেয়াৰ বজাৰত কে’বালক্ষ কোটি টকাৰ লোকচানৰ সন্মুখীন হয় বিনিয়োগকাৰীসকল। বিশ্লেষকসকলৰ মতে, চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত শুল্কক লৈ সৃষ্ট সমস্যা দূৰ হোৱাৰ প্রবল সম্ভাৱনা আহি পৰাত ভাৰতৰ শ্বেয়াৰ বজাৰ দুখনৰ এনেদৰে পতন ঘটে। উল্লেখ্য যে কালি ব’ম্বে ষ্টক এক্সচেঞ্জৰ সূচকাংক প্রায় তিনি হেজাৰ পইণ্টৰ উত্থান ঘটে। ইয়ে বিনিয়োগকাৰীসকলৰ মুখত হাঁহিৰ সৃষ্টি কৰে যদিও এই সুখানুভূতি স্থায়ী নহ’ল।

Exit mobile version