MEA :সিন্ধু জলচুক্তি স্থগিত থাকিব, স্পষ্ট কৰিলে নতুন দিল্লীয়ে

পাকিস্তানে সন্ত্রাসবাদীলৈ পৃষ্ঠপোষকতা বন্ধ কৰিব লাগিব, গুপ্তচৰগিৰিৰ অভিযোগত নতুন দিল্লীস্থ পাক দূতাবাসৰ বিষয়াক বহিষ্কাৰ, ভাৰত ত্যাগৰ নিৰ্দেশ, কাশ্মীৰ সমস্যাৰ সমাধানত মধ্যস্থতাৰ প্ৰয়োজন নাই

indus

MEA :

পাকিস্তানে পূর্বে সন্ত্রাসবাদীলৈ পৃষ্ঠপোষকতা বন্ধ কৰিব লাগিব; অন্যথা সিন্ধু জলচুক্তি স্থগিতকৰণ বাহাল থাকিব। যুদ্ধবিৰতি ঘোষণাৰ পাছতো ভাৰতে সিন্ধু জলচুক্তিৰ স্থগিতকৰণ বাহাল ৰখাক লৈ পাকিস্তানৰ বৈদেশিক মন্ত্রীয়ে ক্ষোভ প্রকাশ কৰাত ভাৰতে এইদৰে প্রতিক্রিয়া ব্যক্ত কৰিছে।

ADVERTISEMENT

ভাৰতৰ বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র কাধীৰ জয়ছোৱালে কয়, ‘পাকিস্তানে যেতিয়ালৈকে ভাৰত বিৰোধী সন্ত্রাসবাদীলে পৃষ্ঠপোষকতা বন্ধ নকৰে তেতিয়ালৈ ভাৰতে সিন্ধু জলচুক্তিৰ স্থগিতকৰণ বাহাল ৰাখিব। পূর্বে পাকিস্তানে সন্ত্রাসবাদীলৈ পৃষ্ঠপোষকতা আগবঢ়োৱা বন্ধ কৰিব লাগিব। অন্যথা সিন্ধু জলচুক্তিৰ স্থগিতকৰণ বাহাল থাকিব।’ জয়ছোৱালে লগতে কয় যে সদিচ্ছা আৰু সৌহার্দ্যৰ পৰিৱেশত ১৯৬০ত ভাৰত-পাকিস্তানৰ মাজত সিন্ধু জলচুক্তি স্বাক্ষৰিত হয়। গতিকে সন্ত্রাসবাদীলৈ দৰদ বন্ধ কৰি সৌহার্দ্যপূর্ণ পৰিৱেশ পাকিস্তানে ঘূৰাই আনিলেহে চুক্তিখনৰ স্থগিতকৰণ সিদ্ধান্ত ভাৰতে বাতিল কৰাৰ ইংগিত তেওঁ দিয়ে।

বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্ৰজনে লগতে কয়, ‘সিন্ধু জলচুক্তিৰ প্ৰস্তাৱনাত কোৱা হৈছে যে সদিচ্ছা আৰু সৌহার্দ্যপূর্ণ পৰিৱেশত সিন্ধু জলচুক্তি হয়। বিগত কিছু দশক ধৰি পাকিস্তানে সীমান্ত সন্ত্রাসত পৃষ্ঠপোষকতা কৰি থাকি এই চুক্তিৰ নীতিসমূহৰ অপপ্রয়োগ কৰিছে। পাকিস্তানে যিমান দিনলৈ সীমান্ত সন্ত্রাসত ইন্ধন যোগাই থাকিব সিমান দিনলৈ ভাৰতে সিন্ধু জলচুক্তি স্থগিত কৰি ৰাখিব।’

উল্লেখ্য যে যোৱা ২২ এপ্রিলত কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদীয়ে দেশী-বিদেশী ২৬ জনকৈ পৰ্যটকক কৰাৰ পাছদিনা কেন্দ্রীয় মন্ত্রীসভাৰ নিৰাপত্তা সংক্রান্তীয় সমিতিয়ে সিন্ধু জলচুক্তি স্থগিত কৰে। আনহাতে, পাকিস্তানে শেহতীয়া সংঘাতত ভাৰতৰ বিৰুদ্ধে জয়ী হৈছে বুলি কৰা দাবী সন্দৰ্ভতো আজি বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র জয়ছোৱালে প্রতিক্রিয়া প্রকাশ কৰে। তেওঁ কয়, ‘ই তেওঁলোকৰ এটা পুৰণা ঢোল। হাৰিলেও তেওঁলোকে সেই ঢোল বজায়। ১৯৭১, ১৯৭৫, ১৯৯৯তো তেওঁলোকে এই ঢোল বজাইছিল। যোৱা ১০ মে’ত পাকিস্তানৰ ডিজিএমঅ’ই ফোন কৰি যুদ্ধবিৰতি বিচাৰি অনুৰোধ জনায়। তাৰ পাছতে ভাৰতে যুদ্ধবিৰতি ঘোষণা কৰে।’

# কাশ্মীৰক লৈ মধ্যস্থতা: ট্রাম্পৰ প্ৰস্তাৱ পুনৰ নাকচ ভাৰতৰ

মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে দাম্ভিকতাৰে কাশ্মীৰ প্ৰসংগত মূৰ সোমোৱাবলৈ আগ্রহী বুলি অলপতে কৰা প্ৰস্তাৱসূচক মন্তব্য আজি পুনৰ নাকচ কৰে ভাৰতে। আজি দেশৰ বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র জয়ছোৱালে কয়, ‘জম্মু-কাশ্মীৰৰ স’তে জড়িত সমস্যাসমূহ ভাৰত আৰু পাকিস্তানে দ্বিপাক্ষিকভাৱে সমাধা কৰিব লাগে বুলি আমাৰ এক দীর্ঘদিনীয়া ৰাষ্ট্ৰীয় অৱস্থান আছে। এই উল্লেখিত নীতি সলনি নহয়।’ এই ক্ষেত্রত তৃতীয় এখন দেশৰ মধ্যস্থতাৰ প্ৰয়োজন নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

আনহাতে, বাণিজ্য বন্ধ কৰাৰ সকীয়নি দিয়াতহে ভাৰত-পাকিস্তানে যুদ্ধবিৰতি ঘোষণা কৰে বুলি ট্রাম্পে কৰা মন্তব্যৰো আজি প্ৰত্যুত্তৰ দিয়ে ভাৰতে। এই সম্পৰ্কত বৈদেশিক পৰিক্ৰমা মন্ত্রণালয়ৰ মুখপাত্র জয়ছোৱালে কয়, ‘যোৱা সাত মাৰ্চত অপাৰেছন সিন্দূৰ আৰম্ভ হোৱাৰ সময়ৰে পৰা ১০ মে’লৈকে ক্রমবিকশিত সামৰিক পৰিস্থিতি সম্পৰ্কত ভাৰত আৰু মার্কিন নেতৃবৰ্গৰ মাজত আলোচনা চলি আছিল। এই আলোচনালৈ বাণিজ্যৰ বিষয়টো অহা নাছিল।’ এনেদৰে তেওঁ ট্রাম্পৰ দাবী খণ্ডন কৰে।

# গুপ্তচৰগিৰি : পাকিস্তানী দূতাবাসৰ বিষয়াক বহিষ্কাৰ ভাৰতৰ

গুপ্তচৰগিৰিত জড়িত থকা নতুন দিল্লীস্থিত পাক দূতাবাসৰ এজন বিষয়াক ভাৰতে আজি বহিষ্কাৰ কৰে। পদ্ধতি অনুসৰি এই বিষয়াজনক আজি ভাৰত চৰকাৰে অবাঞ্ছিত আখ্যা দি তেওঁক ২৪ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভাৰতৰ বিৰুদ্ধে গুপ্তচৰগিৰিত লিপ্ত পাকিস্তানী দূতাবাসৰ এই বিষয়াজনৰ স’তে পঞ্জাৱৰ দুজন লোকৰ সংযোগ আছে। পঞ্জাৱৰ এই লোক দুজন গুপ্তচৰগিৰিত জড়িত আৰু দুয়োকে অলপতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পাক দূতাবাসৰ বিষয়াজনক ২৪ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগৰ নিৰ্দেশ জাৰি কৰাৰ বিষয়ে ভাৰত চৰকাৰে পাক দূতাবাসৰ সংশ্লিষ্ট বিষয়াক অৱগত কৰিছে।

Exit mobile version