ট্ৰাম্প হৈছে ‘শান্তিৰ দূত’! ভাৰত-পাকিস্তান যুদ্ধবিৰতিৰ পাছত হোৱাইট হাউছৰ এই দাবী

1744469054 trump 2

Donald Trump: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশংসাত পঞ্চমুখ হোৱাইট হাউছ। ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ পাছত ট্ৰাম্পক তেওঁৰ কাৰ্যালয়ে “শান্তিৰ ৰাষ্ট্ৰদূত” বুলি উল্লেখ কৰে ।

হোয়াইট হাউছে লগতে কয় যে যুদ্ধবিৰতি স্থায়ী হ’ব বুলি আশাবাদী।লগতে হোয়াইট হাউছে জনাইছে,এই যুদ্ধবিৰতি স্থায়ী হ’ব বুলি তেওঁলোক আশাবাদী।

তেওঁলোকে দাবী,তেওঁলোকৰ মূল উদ্দেশ্য আছিল দুয়োখন দেশৰ মাজত প্ৰত্যক্ষ আলোচনাৰ ব্যৱস্থা কৰা।

ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতি সন্দৰ্ভত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ টমী পিগটে কয়,”যুদ্ধবিৰতি দেখি আমি আনন্দিত হৈছো।আমি দুয়োপক্ষৰ মাজত প্ৰত্যক্ষ আলোচনা বিচাৰো, আৰু সেইটো আমি উৎসাহিত কৰিম। আমাৰ ৰাষ্ট্ৰপতিৰ শান্তিৰ ৰাষ্ট্ৰদূত। আমি শান্তি উদযাপন কৰিছো। আশাকৰোঁ এই যুদ্ধবিৰতি স্থায়ী হ’ব।’

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ছয় মে’ৰ মাজনিশা ভাৰতে ‘অপাৰেচন সিন্দূৰ’ আৰম্ভ কৰিছিল। ই পাকিস্তানৰ একাধিক সন্ত্ৰাসবাদী ঘাটি আক্ৰমণ কৰি ধ্বংস কৰে। সেই ঘটনাৰ পাছত দুয়োখন দেশৰ সম্পৰ্ক আৰু অধিক অৱনতি ঘটে। সীমান্তত আৰম্ভ হ’ল সংঘৰ্ষ।

কেবাদিনো যুঁজৰ অন্তত ১০ মে’ত দুয়োখন দেশ যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে।

Exit mobile version