Dergaon :
জটিল ৰোগত আক্ৰান্ত দেৰগাঁৱৰ বালিকা উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰী হৰ্ষিতা ৰাজপুত । দেৰগাঁও নগৰৰ তিনি নং ৱাৰ্ডৰ নিবাসী দেৱজিৎ ৰাজপুত একমাত্ৰ কন্যাৰ এক জটিল অস্ত্ৰোপচাৰ হেতু ধনৰ অভাৱত এটিয়া দিকবিদিক হেৰুৱা লগা হৈছে দৰিদ্ৰ পৰিয়ালটিয়ে ।
কিছুদিনৰ পূৰ্বে মাটি বাৰি বিক্ৰী কৰি দৰিদ্ৰ পৰিয়ালটিয়ে হায়দৰাবাদৰ এআইজি চিকিৎসালয়ত এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল । গ’লব্লাডাৰত ষ্টোন আৱদ্ধ পিত্ত নলী স্থান ছাফা কৰাৰ লগতে কৃটিম ৰাবাৰ নলী সংস্থাপন কৰা হৈছিল । যদিও পুনৰ এটা মাহৰ অন্ততঃ মুল গলব্লাডাৰৰ ষ্টোন অস্ত্ৰোপচাৰ কৰাব লগা হোৱা বাবে এতিয়া আৰ্থিক সংকটৰ সন্মুখীন হৈছে ৷
আনহাতে, সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই হৰ্ষিতাৰ বিষয়টো অৱগত হোৱাৰ পাছতে জিলা আয়ুক্তৰ জৰিয়তে সমগ্ৰ বিষয়টো অনুসন্ধান কৰি DCD(DM)22/2025/CMRF Date-13/04/2025 যোগে প্ৰতিবেদন দাখিল কৰিছিল জিলা প্ৰশাসনে । কিন্ত এই পৰ্যন্ত মুখ্যমন্ত্ৰী পৰা পোৱা নাই কোনো সহাৰি । দৰিদ্ৰ পৰিয়ালটিয়ে এতিয়া মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান কণমানি জনিৰ প্ৰয়োজনীয় চিকিৎসা কৰাবলৈ ।