Kashmir:
পাক অধিকৃত কাশ্মীৰ আৰু পাকিস্তানত থকা সন্ত্রাসবাদীৰ বিৰুদ্ধে যুদ্ধবিৰতি অব্যাহত থাকিলেও দেশৰ ভূমিত এই অভিযান তীব্ৰতৰ কৰিছে ভাৰতীয় সেনাই। বিশেষকৈ জম্মু-কাশ্মীৰত ভাৰতীয় সেনাই যোৱা দুদিনত ছজন সন্ত্রাসবাদীক নিধন কৰিবলৈ সক্ষম হয়।
অৱশ্যে এই সন্ত্রাসবাদীকেইজন পহলগামৰ নৰ সংহাৰৰ ঘটনাৰ লগত জড়িত আছিল নে নাই, সেয়া অদ্যাপি নিশ্চিত হোৱা নাই। জম্মু-কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক ভি কে বিৰদিয়ে কয় যে নিহত সন্ত্রাসবাদীকেইজনৰ পহলগামৰ ঘটনাৰ লগত সম্পৰ্কৰ বিষয়টো সম্প্রতি তদন্ত পর্যায়ত আছে। উল্লেখ্য যে যোৱা ১৩ মে’ত ৰাজ্যখনৰ ছপিয়ানত সেনা আৰু আৰক্ষীয়ে অভিযান চলাই তিনিজন সন্ত্রাসবাদীক নিধন কৰিবলৈ সক্ষম হয়। সেনা-আৰক্ষীৰ লগত সন্ত্রাসবাদীৰ এটা দলৰ দীর্ঘ সময় ধৰি তুমুল সংঘর্ষ লাগে আৰু শেষত তিনিজন সন্ত্রাসবাদী ধৰাশায়ী হয়।
চিনাক্ত কৰা সন্ত্রাসবাদীকেইজন হ’ল ছাহিদ কুট্টে, আদনান ছফিদাৰ আৰু এহছান আহমেদ শ্বেখ। ইয়াৰ পাছতে আজি পুলৱামাৰ ট্ৰালত আন এক সংঘৰ্ষৰ ঘটনা সংঘটিত হয়। এই ঘটনাতো সেনা-আৰক্ষীৰ গুলিত তিনিজন সন্ত্রাসবাদী নিহত হয়। সন্ত্রাসবাদীকেইজন হ’ল আছিম আহমেদ শেইখ (২৮), আমিৰ নাজিৰ ৱানি (২০) আৰু আহমেদ ভাট। তিনিওজনৰ ঘৰ পুলৱামাতে।
উল্লেখ্য যে পহলগামৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে ‘দ্য ৰেজিমেন্ট ফ্রন্ট’ (টিআৰএফ) নামৰ এটা সংগঠনে। টিআৰ এফ হ’ল লস্কৰ ই তৈবাৰ এটা সহযোগী সংগঠন। আনহাতে, আজি নিহত সন্ত্রাসবাদীকেইজন জঈছ ই মহম্মদ নামৰ সংগঠনটোৰ লগত জড়িত। ছপিয়ানত নিহত সন্ত্রাসবাদীকেইজন লস্কৰ-ই-তৈবাৰ লগত জড়িত।
সেনাৰ সূত্ৰই সদৰী কৰে যে পহলগামৰ ঘটনাৰ পাছতে জম্মু-কাশ্মীৰৰ ১৪ জনীয়া সন্ত্রাসবাদীৰ এখন তালিকা সেনা আৰু চোৰাংচোৱাই প্ৰস্তুত কৰিছিল। সেনাৰ সূত্ৰটোৱে দাবী কৰে যে শেহতীয়াকৈ যি ছজন সন্ত্রাসবাদী নিহত হয় সেইকেইজনৰ নাম এই তালিকাত আছে। গতিকে তালিকাৰ আঠজনহে এতিয়া জীৱিত। এই আঠজন হ’ল লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ আদিল ৰহমান দেল্টু, একেটা সংগঠনৰে হৰিশ নাজিৰ, হিজবুলৰ আছিফ আহমেদ কণ্ডে, লস্কৰ-ই-তৈবাৰ নাছিৰ আহমেদ ৱানি, লস্কৰ আৰু টিআৰফৰ হৈ কাম কৰি অহা আমিৰ আহমেদ ডাৰ, হিজবুলৰ অপাৰেছন কমাণ্ডাৰ জুবেৰ আহমেদ ৱানি, হিজবুলৰ সক্রিয় সদস্য হাৰুণ ৰছিদ গণি আৰু লস্কৰৰে সন্ত্রাসবাদী জুবেইৰ আহমেদ গণি।
ইপিনে, পহলগামৰ ঘটনাৰ তদন্ত অব্যাহত ৰখা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা, এনআইএ-এ ইতিমধ্যে বহু তথ্য সংগ্রহ কৰিবলৈ সক্ষম হৈছে। সংস্থাটোৰ সূত্ৰই সদৰী কৰা অনুসৰি, পহলগামৰ আক্ৰমণত কম পক্ষেও পাঁচ-সাতজন সন্ত্রাসবাদী জড়িত আছিল। এই আটাইকেইজনকে এনআইএ-এ চিনাক্ত কৰিছে। তাৰে পুলৱামাৰ বাসিন্দা আছিফ শ্বেখ আৰু অনন্তনাগৰ বাসিন্দা আদিল থোকাৰৰ বাসগৃহ ধ্বংস কৰা হৈছে। এনআইএ আদিল এই ঘটনাত জড়িত থকাৰ তথ্য লাভ কৰিছিল | ইতিপূর্বে সেনাৰ হাতত নিহত হোৱা জুনাইড ভাট নামৰ সন্ত্রাসবাদীজনৰ পৰা উদ্ধাৰ কৰা ম’বাইল ফোনৰ জৰিয়তে।
উল্লেখ্য যে সোণমাৰ্গত নিৰ্মাণ কৰা সুৰংগ পথৰ ক্ষতিসাধন কৰাৰ ষড়যন্ত্ৰৰ তথ্য ভাৰতৰ চোৰাংচোৱা সংস্থাই উদ্ধাৰ কৰিছিল। তাৰ পাছতে সেই ষড়যন্ত্ৰত জড়িত থকাৰ অভিযোগত জুনাইডক বিচাৰি অভিযান চলাওতে সেনাৰ লগত হোৱা সংঘৰ্ষত সন্ত্রাসবাদীজন নিহত হৈছিল।
ইপিনে, পহলগামৰ ঘটনাৰ মাষ্টাৰমাইণ্ড টিআৰএফৰ শীর্ষ পদবীধাৰী শ্বেখ ছাজ্জাদ গুল (৫০) আছিল বুলিও এনআইএ-এ তথ্য লাভ কৰিছে। পাকিস্তানৰ ৰাৱালপিণ্ডিৰ বাসিন্দা গুলৰ আন এটা নাম হ’ল ছাজ্জাদ আহমেদ শ্বেখ। জম্মু-কাশ্মীৰত সংঘটিত সন্ত্রাসবাদীৰ কে’বাটাও ঘটনাত ছাজ্জাদক স্থানীয় একাংশ সন্ত্ৰাসবাদীৰ সহযোগ কৰি অহা বুলিও এনআইএ তদন্তত নিশ্চিত হৈছে।