Popular singer Gayatri Hazarika passes away:
ৰাজ্যবাসীৰ বাবে এটা বেয়া খবৰ ৷ সৰা পাতে পাতে ফাগুন নামে’ শীৰ্ষক গীতৰ কন্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই ৷ মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান জনপ্ৰিয় কন্ঠশিল্পী গৰাকীৰ ৷ শিল্পী গৰাকী দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছিল জটিল ৰোগত ৷ আজি দিনৰ ২.১৫ বজাত গায়ত্ৰী হাজৰিকাই শেষ নিশ্বাস ত্যাগ কৰে ৷
ADVERTISEMENT
হাজৰিকাৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে ৰাজ্যৰ সৰ্বত্ৰে ৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল সহ বিভিন্নজনে কন্ঠশিল্পী গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে আৰু শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জনায় ৷