Patacharkuchi Vidyapith H.S.School: একেটা দিনতে ২৯জন শিক্ষক অনুপস্থিত এখন বিদ্যালয়ত

স্কুল পৰিদৰ্শকৰ আকস্মিক উপস্থিতিত পোহৰলৈ আহে এই তথ্য, কাৰণ দর্শোৱা জাননী আটাইকেই গৰাকী শিক্ষকলৈ

patasarkushi 1

Patacharkuchi Vidyapith H.S.School:

এজন-দুজন নহয় ,একেলগে অনুপস্থিত ২৯ গৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰী ৷ বিদ্যালয়ৰ পৰিদৰ্শকৰ আকস্মিক উপস্থিতিত এই তথ্য পোহৰলৈ আহে । বজালী জিলাৰ পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই সকল শিক্ষকৰ দায়িত্বজ্ঞানহীনতাক লৈ হতবাক হৈছে সচেতন ৰাইজ।

ADVERTISEMENT

বৃহত্তৰ পাটাছাৰকুছি অঞ্চলৰ আগশাৰীৰ শিক্ষানুষ্ঠান খনত শনিবাৰে বিদ্যালয় সমূহৰ পৰিদৰ্শক আকস্মিকভাৱে উপস্থিত হোৱাত ছাত্ৰ-ছাত্ৰীৰ পাঠদানক লৈ হেতালি খেলা শিক্ষকৰ কৰ্মকাণ্ড পোহৰলৈ আহে ৷ ইতিমধ্যে পৰিদৰ্শক গৰাকীয়ে কাৰণ দর্শোৱা জাননী কৰিছে আটাইকেই গৰাকী শিক্ষকলৈ ৷

উল্লেখ্য যে মোটা অংশৰ দৰমহা হৈ নিজৰ দায়িত্বলৈ সততে পিঠি দিয়া এই সকল শিক্ষকৰ বিৰুদ্ধে শিক্ষা বিভাগে বিভাগীয় শাস্তিমূলক পদক্ষেপ লোৱাৰ দাবী কৰিছে স্থানীয় ৰাইজে ৷

Exit mobile version