Pakistan attack: অমৃতসৰৰ বিখ্যাত স্বর্ণমন্দিৰ ধ্বংসৰ লক্ষ্যৰে আক্ৰমণ চলাইছে পাকিস্তানে ।কিন্তু মন্দিৰত ক্ষতি কৰিব নোৱাৰিলে । কাৰণ ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই পাকিস্তানী ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন আক্ৰমণৰ বিৰুদ্ধে ঢাল হিচাপে থিয় দিছিল। ভাৰতীয় প্ৰতিৰোধৰ সন্মুখত সকলো আক্ৰমণ নিষ্ক্ৰিয় হৈ পৰিল।
কি ভাৱে এইটো সম্ভৱ হ’ল? সোমবাৰে ভাৰতীয় সেনাই এই ঘটনাৰ সবিশেষ তথ্য প্ৰকাশ কৰি এক ভিডিঅ’ প্ৰকাশ কৰে।
১৫ নং ইনফেণ্ট্ৰি ডিভিজনৰ জেনেৰেল অফিচাৰ কমাণ্ডিং মেজৰ জেনেৰেল কাৰ্তিক চি চেছাদ্ৰী,তেওঁ কয়, “আমি জানিছিলোঁ যে পাকিস্তানে আক্ৰমণ কৰিবলৈ কোনো নিৰ্দিষ্ট লক্ষ্য নাপাব। গতিকে তেওঁলোকে ভাৰতীয় সেনাৰ ঘাটি আৰু বসতিস্থলসমূহত আক্ৰমণ কৰিব। বসতিস্থলসমূহতো ধৰ্মীয় স্থানসমূহত পাকিস্তানে আক্ৰমণ কৰাৰ সম্ভাৱনা প্ৰবল আছিল।ধৰ্মীয় স্থানসমূহৰ ভিতৰত আটাইতকৈ বিখ্যাত হৈছে স্বৰ্ণমন্দিৰ। গতিকে, আঠ মে’ৰ পৰা অমৃতসৰ আক্ৰমণ আৰম্ভ হোৱাৰ লগে লগে আমি স্বৰ্ণ মন্দিৰটোক ৰক্ষা কৰিবলৈ এটা ছাতি নিৰ্মাণ কৰিলোঁ।”
মেজৰ জেনেৰেল শ্বেছাদ্ৰীয়ে লগতে কয় যে সেইদিনা পাকিস্তানে মূলতঃ ড্ৰ’ন আৰু দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰৰ জৰিয়তে আক্ৰমণ চলাইছিল। কিন্তু সেয়া ৰোধ কৰিবলৈ সেনাই সম্পূৰ্ণ সাজু আছিল। তেওঁৰ কথাত, “আমাৰ সাহস আৰু সতৰ্কতাই পাকিস্তান সেনাৰ জঘন্য ষড়যন্ত্ৰ বিফল কৰিছে।প্ৰতিটো পাকিস্তানী ড্ৰোন আৰু মিছাইল নিক্ষেপ কৰা হৈছে। “স্বৰ্ণ মন্দিৰৰ কোনো ক্ষতি হোৱা নাছিল।”
সোমবাৰে সেনাই এটা ভিডিঅ’ প্ৰকাশ কৰে য’ত পাকিস্তানৰ আক্ৰমণ কেনেদৰে প্ৰতিহত কৰা হ’ল সেই বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে।