AASU Ex GS Arrest :
অৱশেষত ডিব্ৰুগড়ৰ সদৰ থানাৰ আলহী হ’ল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা। যোৱানিশা দুলীয়াজান আৰক্ষী থানাত সোধা-পোছাৰ বাবে মাতি পঠিওৱাৰ পাছত মাৰাথন জেৰাৰ অন্তত নিশা প্ৰায় ১২.৪০ মিনিটত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আছুৰ প্ৰাক্তন নেতাজনক ৷
প্ৰাপ্ত খবৰ অনুসৰি বি.এন.সিঙ পে’ট্ৰল পাম্প চাৰ্ভিচ ষ্টেচনটো স্বতাধিকাৰী ৰাজ কিশোৰ সিঙে লীজত চলাই আছিল । অভিযোগ অনুসৰি ৰাজ কিশোৰ সিঙে বি.এন.সিং পে’ট্ৰল পাম্প চাৰ্ভিচ ষ্টেচনৰ স্বাত্বাধিকাৰক প্ৰাপ্য ধন আদায় দিব নোৱাৰাত যোৱা ২৬ এপ্ৰিলত কিৰণ চাহি নামৰ মহিলা গৰাকীক পুণৰ লীজত দিয়ে ।
ইফালে একাংশ ব্যৱসায়ী আৰু দল-সংগঠনৰ পৰা বৃহৎ সংখ্যক ধন সংগ্ৰহ কৰি তেল ডিপোটো চলাইছিল পূৰ্বৰ ব্যৱসায়ী ৰাজ কিশোৰ সিঙে। ১৭ মে’ ত নিজৰ প্ৰাপ্য বিচাৰি দুটা ফৈদ ডিপোটোত উপস্থিত হৈ প্ৰথমে নতুনকৈ ডিপোটো লীজত লোৱা কিৰণ চাহিৰ পক্ষৰ সৈতে সংঘাত হয় । আৰু পিচত তিনি ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়।
ইফালে এই ঘটনাটোত নাম সাঙোৰ খাইছিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ নাম ।এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁ মাৰপিটৰ ঘটনাত জড়িত নহয় তেওঁ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল ।
আনহাতে শেহতীয়াকৈ ভুক্তভোগীয়ে ঘটনা সন্দৰ্ভত দুলীয়াজান আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত 89/25 নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখে ।
আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাক দুলীয়াজানৰ আৰক্ষীয়ে আটক কৰি অধিক সোধ-পোচাৰ বাবে দেওবাৰে নিশা ১২-৩৯ বজাত ডিব্ৰুগড় সদৰ থানালৈ আনে। সদৰ থানাৰ প্ৰাঙ্গনত সাংবাদিকক ভিজুৱেল সংগ্ৰহ কৰাত বাধাপ্ৰদান কৰে ডিব্ৰুগড় সদৰ আৰক্ষীয়ে ।