Guwahati Theft:
মহানগৰীৰ স্মাৰ্ট আৰক্ষীৰ ফোপোলা স্বৰূপ উদঙাই চোৰে ইটোৰ পাছত সিটোকৈ সংঘটিত কৰি গৈছে অপৰাধমূলক কাৰ্যকলাপ ৷ নিশা হলেও যেন ত্ৰস্তমান হ’বলগীয়া হয় মহানগৰবাসী ৷ কিয়নো নিশা গৃহস্থ নিদ্ৰাত গ’লেই যেন সক্ৰিয় হৈ পৰে চোৰ- ডকাইত ৷ মহানগৰীৰ অলিয়ে-গলিয়ে মহানাগৰিকৰ বাসগৃহত চোৰে চলাই চাফাই অভিযান ৷ লুট কৰি নিয়ে সোনৰ আ- অলংকাৰ সহ কাঁহ-পিতলৰ সামগ্ৰী সহ নগদ ধন ৷ ভূক্তভোগীয়ে আৰক্ষীৰ কাষ চাপিছে যদিও পোৱা নাই ন্যায় ৷
এনেবোৰ ঘটনাৰ মাজত গুৱাহাটী আৰক্ষীয়ে সোমবাৰে গোপন খবৰৰ ভিত্তিত পানবজাৰৰ এটা ডেম্পৰ পৰা জব্দ কৰে ৩ কোটি টকাৰ কাঁহ-পিতল, তামৰ সামগ্রী ৷ ৰূপনগৰৰ মন্টু আলীৰ নামৰ লোকজনৰ মালিকাধীন ডেম্পটোত আৰক্ষীৰ অভিযানত এহেজাৰ কুইণ্টলতকৈ অধিক চুৰি সামগ্ৰী জব্দ হয় ৷ পানবজাৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে মন্টু আলীক ৷