ADVERTISEMENT
Meghalaya Fire Incident:
চুবুৰীয়া মেঘালয়ত দেওবাৰে সংঘটিত এক ভয়ংকৰ ঘটনা ৷ ক্ষুব্ধ জনতাই জ্বলাই দিলে ষ্টাৰ চিমেন্টৰ ৪ খন ট্ৰাক ৷ এই ঘটনা সংঘটিত হয় ৰাজ্য খনৰ পূৱ জয়ন্তীয়া পাহাৰ জিলাৰ লুমশ্বিনঙত ৷ প্ৰাপ্ত খবৰ মতে,দেওবাৰে দিনৰ ভাগত ষ্টাৰ চিমেণ্টৰ এখন ট্ৰাকে মহতিয়াই নিয়াৰ ফলত মৃত্যু হৈছিল এজন লোকৰ ৷ এই শোকাৱহ ঘটনাৰ পিছতেই ক্ষুব্ধ হৈ পৰে স্থানীয়লোক। যাৰ বহি:প্ৰকাশ নিশা। নিশা স্থানীয় একাংশ ক্ষুব্ধ লোকে জ্বলাই দিয়ে ষ্টাৰ চিমেন্টৰ চাৰি ট্ৰাক ৷