Supreme Court: কৰ্ণেল ছ’ফীয়া কুৰেশ্বীক সন্ত্ৰাসবাদীৰ ভগ্নী আখ্যা দিয়া মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে ক্ষুব্ধ সৰ্বোচ্চ ন্যায়ালয়

নিজৰ মন্তব্যৰ বাবে বিজয় শ্বাহে ক্ষমা বিচাৰি আৰ্জি লৈ দ্বাৰস্থ হৈছিল উচ্চতম ন্যায়ালয়ৰ,সকাহ নাপালে মন্ত্ৰী গৰাকীয়ে

mp

Supreme Court:

কৰ্ণেল ছ’ফীয়া কুৰেশ্বীক সন্ত্ৰাসবাদীৰ ভগ্নী আখ্যা দিয়া মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে ক্ষুব্ধ সৰ্বোচ্চ ন্যায়ালয় ৷ নিজৰ মন্তব্যৰ বাবে বিজয় শ্বাহে ক্ষমা বিচাৰি আৰ্জি লৈ দ্বাৰস্থ হৈছিল উচ্চতম ন্যায়ালয়ৰ ৷ কিন্ত নাপালে সকাহ ৷ এই সন্দৰ্ভত আদালতে আজিৰ শুনানিত কয় যে গ্ৰেপ্তাৰ নহয় কিন্তু তদন্ত চলিব মধ্য প্ৰদেশৰ চৰকাৰৰ বিতৰ্কিত মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে ৷ মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা প্ৰাৰ্থনাক ঘঁৰিয়াল চকুপানী আখ্যা দি উক্ত মন্তব্যৰ তদন্ত কৰাৰ বাবে তিনিজনীয়া এছআইটি গঠনৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে ৷

ADVERTISEMENT

এগৰাকী দায়িত্বশীল ব্যক্তিৰ ৰাজহুৱা জীৱনত এনে মন্তব্য গ্রহণযোগ্য নহয়, কথা কোৱাৰ পূৰ্বে শব্দৰ বাছনিত সাৱধান হ’ব লাগে বুলিও কটাক্ষ কৰে উচ্চতম ন্যায়ালয়ে ৷ ২৮ মে’ৰ ভিতৰত বিজয় শ্বাহৰ বিৰুদ্ধে গঠন কৰা এছআইটিয়ে প্ৰতিবেদন দাখিল কৰিব লাগিব আদালতত ।

উল্লেখযোগ্য যে,অপাৰেচন সিন্দূৰৰ যুদ্ধ বিৰতিৰৰ পাছতেই মধ্য প্ৰদেশ চৰকাৰৰ মন্ত্ৰী শ্বাহে কৰ্ণেল কুৰেশ্বীক সন্ত্ৰাসবাদীৰ ভগ্নী আখ্যা দিছিল ৷ উক্ত মন্তব্যৰ বাবে মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিছিল নিজাববীয়াকৈ শুনানী ৷ উচ্চ ন্যায়ালয়ে মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে ৪ ঘণ্টাৰ ভিতৰত এজাহাৰ ৰুজু কৰাৰ নিৰ্দেশ দিছিল মধ্য প্ৰদেশ আৰক্ষীক ৷

সেই অনুসৰি এজাহাৰ ৰুজু হোৱাত সকাহ বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল মন্ত্ৰী গৰাকী ৷ উচ্চতম ন্যায়ালয়ে গ্ৰেপ্তাৰৰ পৰা ৰক্ষা দিলেও আইনী প্ৰক্ৰিয়া তথা তদন্তৰ পৰা কোনো সকাহ নিদিলে বিজয় শ্বাহক ৷

Exit mobile version