TMC :পহলগাম আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত অপাৰেচন সিন্দূৰ আৰম্ভ কৰে ভাৰতে। ওলোটাই প্ৰতিশোধ লয় পাকিস্তানেও।
কিন্তু ইয়াৰ ফলত জম্মু-কাশ্মীৰৰ কেবাটাও অঞ্চলত পাকিস্তানৰ গোলাবৰ্ষণত বহু ঘৰ ক্ষতিগ্ৰস্ত হয়। মৃত্যু হৈছে সাধাৰণ মানুহৰো।
এইবাৰ শোকসন্তপ্ত পৰিয়ালসমূহৰ কাষত থিয় দিবলৈ সাজু তৃণমূল কংগ্ৰেছ। বুধবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ, পুঞ্চ আৰু ৰাজৌৰীলৈ যাব তৃণমূলৰ এটা প্ৰতিনিধি দল।
মঙলবাৰে শাসকীয় দলৰ পক্ষৰ পৰা এক্স হেণ্ডেলত জনালে এই কথা।তৃণমূলৰ সূত্ৰ অনুসৰি পাঁচজনীয়া প্ৰতিনিধি দলটোত থাকিব তৃণমূল ৰাজ্যসভাৰ সাংসদ ডেৰেক অ’ব্ৰাইন, মহম্মদ নাদিমুল হক, সাগৰিকা ঘোষ আৰু ৰাজ্যিক মন্ত্ৰী মানস ভূঞা।
অহা দুদিন অৰ্থাৎ ২৩ মে’লৈকে তেওঁলোক তাতেই থাকিব।ভ্ৰমণ কৰিব বিভিন্ন অঞ্চল ।লগতে নিহত পৰিয়ালৰ স’তেও কথা পাতিব।
প্ৰসংগক্ৰমে বিগত ২২ এপ্ৰিলত চাৰিটা উগ্ৰপন্থীয়ে পহলগামত ২৬ জন পৰ্যটকক গুলীয়াই হত্যা কৰিছিল। এই আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে বিগত সাত মে’ৰ পুৱা আৰু নিশা অভিযান চলায়।
পাকিস্তান আৰু প’কত থকা ন’টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা হয়।ইয়াৰ পাছতে পাকিস্তানেও ভাৰতৰ সীমান্তৱৰ্তী ৰাজ্যসমূহৰ জনবসতিপূৰ্ণ এলেকা আৰু সামৰিক ঘাটিসমূহত আক্ৰমণ কৰে।
ভাৰতে কেৱল এই আক্ৰমণক প্ৰতিহত কৰাই নহয়, প্ৰতিশোধো লয়। পাকিস্তানৰ কমেও ১১টা বায়ুসেনাৰ ঘাটি ধ্বংস কৰা হৈছে।
তথ্য অনুসৰি ভাৰতীয় সেনাৰ অভিযানত এতিয়ালৈকে ১০০ৰো অধিক উগ্ৰপন্থী আৰু ৩৫-৪০জন পাকিস্তানী জোৱান নিহত হৈছে। অৱশেষত নতুন দিল্লীয়ে ইছলামবাদৰ নিৰ্দেশত যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে।