Rain Forecast:দেশৰ মূল ভূখণ্ডত বাৰিষাৰ আৰম্ভণিৰ দিনক্ষণ ঘোষণা কৰিছে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে(আইএমডি)। তেঁওলোকে জনাইছে ,বিগত ২৭ মে’ত কেৰালাত প্ৰৱেশ কৰিব পাৰে বুলি বৰ্ষা ।
দেশৰ মূল ভূখণ্ড বাৰিষাৰ দুৱাৰমুখ এইখন ৰাজ্য। আনুষ্ঠানিকভাৱে এক জুন তাৰিখে বাৰিষা দেশত প্ৰৱেশৰ দিন বুলি গণ্য কৰা হয়।
তাৰ তুলনাত এইবাৰ আগতীয়াকৈ আহিছে নেকি বাৰিষা? এই ঘটনা যদিও ব্যতিক্ৰম নহয়। বতৰ বিজ্ঞান বিভাগৰ পৰিসংখ্যা অনুসৰি প্ৰায় প্ৰতি বছৰে বাৰিষা কিছু আগতে বা অলপ পাছত দেশত প্ৰৱেশ কৰে।কিন্তু যোৱা ১০ বছৰত আনুষ্ঠানিকভাৱে নিৰ্ধাৰিত সময়ৰ ইমান সোনকালে বাৰিষা প্ৰৱেশ কৰা নাই।
বতৰ বিজ্ঞান বিভাগৰ পৰিসংখ্যা অনুসৰি যোৱা ১০ বছৰত দেশত বাৰিষাৰ আগমনৰ সময় সঘনাই সলনি হৈছে।
২০২৪ চনত আনুষ্ঠানিকভাৱে নিৰ্ধাৰিত সময়তকৈ এদিন আগতেই বাৰিষা দেশত প্ৰৱেশ কৰিছিল। বিগত ৩০ মে’ত কেৰালাত প্ৰৱেশ কৰিছে বাৰিষাই।ইফালে ২০২৩ চনত আঠ জুনত কেৰালাত বাৰিষা প্ৰৱেশ কৰিছিল।
২০২২ চনৰ ২৯ মে’, ২০২১ চনৰ তিনি জুনত, ২০২০ চনৰ এক জুনত কেৰালাত বাৰিষাৰ প্ৰৱেশ ঘটিছিল।২০১৯ চনত পুনৰ যথেষ্ট পলমকৈ বাৰিষা প্ৰৱেশ কৰিছিল। সেই বছৰৰ আঠ জুনত বাৰিষা আহিছিল। ২০১৮ চনত ২৯ মে’ত বাৰিষা আহিছিল।২০১৭ চনত মে’ মাহত কেৰালাত বাৰিষাৰ আগমন ঘটে ।
ভাৰতত খাৰিফ শস্যৰ উৎপাদন এই বাৰিষাৰ আগমনৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল।নিৰ্ধাৰিত হয় কৃষকৰ ভাগ্য, কৃষি নীতি প্ৰণয়ন ।
অৰ্থাৎ ভাৰতৰ অৰ্থনীতি এই বাৰিষাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। দেশত বছৰি ৭০ শতাংশ বৰষুণ এই বতৰত হয়।
দেশত গোটেই বছৰ যিমান বৰষুণ হয় , সেইয়া ৭০ শতাংশই এই বতৰত হয়। আৰু এই বতৰত বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে দেশৰ কৃষি উৎপাদন ৫০ শতাংশ ।সেই কৃষিৰ ওপৰত নিৰ্ভৰশীল দেশৰ মুঠ জনসংখ্যাৰ ৪০ শতাংশ।