কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰী। সোমবাৰে নিশাৰে পৰা হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত মহানগৰীৰ অঞ্চল বিশেষে কৃত্ৰিম বানৰ সৃষ্টি হৈছে ৷
ADVERTISEMENT
প্লাৱিত হৈছে সদাব্যস্ত চানমাৰি,হাতীগাঁও সিজুবাৰী,মালিগাঁও,বৰাগাঁও, বামুনীমৈদাম,শিলপুখুৰী,ৰুক্মিণীগাঁও,লাল গনেশ,অনিল নগৰ, নবীন নগৰ,মথুৰাগাঁৱকে ধৰি কেতবোৰ অঞ্চল হৈ পৰিছে জলমগ্ন ৷ যাৰবাবে অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰময় পৰিস্থিতি ৷ কৃত্ৰিমবানৰ বাবে পুৱাতে স্কুললৈ যাবলৈ খাপপিটি থাকিলগীয়া হৈছে ছাত্ৰ-ছাত্ৰী ৷ একেদৰে নিজ নিজ কৰ্মস্থলীলৈ যাব পৰা নাই বানাক্ৰান্ত সকল ৷