Heavy rains are expected in Assam:
সোমবাৰে গুৱাহাটী সহ ৰাজ্যৰ কে’বা ঠাইত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অঞ্চল বিশেষে কৃত্ৰিম বানৰ সৃষ্টি হয় ৷ আনহাতে বতৰৰ কালৰূপৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী সহ ৰাজ্যৰ ১৩ জিলাত বৰঝাৰস্থ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হালধীয়া এলাৰ্ট ৷
ADVERTISEMENT
বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা সৰ্তক বাৰ্তা অনুসৰি গুৱাহাটী সহ ৰাজ্যৰ অধিকাংশ জিলাত আগন্তুক দুই- তিনিদিনলৈ অব্যাহত থাকিব পাৰে বৰষুণ ৷ আনহাতে মহানগৰবাসীক বিশেষভাৱে সাৱধানতা অৱলম্বনৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ ৷