MrBeast: ‘মিষ্টাৰ বিষ্ট’ নামৰে বিশ্বজুৰি পৰিচিত জনপ্রিয় ইউটিউবাৰ জিমী ড’নাল্ডছন অর্বুদপতিৰ তালিকাত অন্তর্ভুক্ত হ’ল। ২৭ বছৰ বয়সতে এইজন ইউটিউবাৰৰ সম্পত্তি এক বিলিয়ন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্রাত প্রায় ৮,৫০০ কোটি টকা হ’ল।
‘চেলেব্রিটি নেটৱৰ্থৰ তথ্য অনুসৰি, জিমী হৈছে সাম্প্রতিক বিশ্বৰ অষ্টম সবাতোকৈ তৰুণ অর্বুদপতি। মিষ্টাৰ বিষ্টৰ মাহে গড় উপার্জন হৈছে প্রায় ৫০ নিযুত ডলাৰ অৰ্থাৎ ৪২৭ কোটি টকা।
২০১৯ত সামাজিক মাধ্যমৰ জৰিয়তে মিষ্টাৰ বিষ্টে এইদৰে কৈছিল-‘মোৰ লক্ষ্য হৈছে ধন উপাৰ্জন কৰা। কিন্তু মৃত্যুৰ পূৰ্বে সকলো ধন মই দান কৰি যাম।’ ২০২৩ বৰ্ষত মিষ্টাৰ বিষ্টে কৈছিল যে ধনাঢ্য ব্যক্তিয়ে আন ব্যক্তিক সহায় কৰা উচিত।
মিষ্টাৰ বিষ্ট ইউটিউবৰ অন্যতম এজন জনপ্রিয় কনটেন্ট ক্রিয়েটৰ। ইউটিউবত তেওঁৰ ৩৯৬ নিযুত ছাবস্ক্রাইবাৰ আছে। আনহাতে, এক্স আৰু ইনস্টাগ্রামত তেওঁৰ ৫০০ ৰো অধিক ফল’ৱাৰ আছে।
১৩ বছৰ বয়সতে জিমীয়ে মিষ্টাৰ বিষ্ট নামৰে ইউটিউবত নিজৰ চেনেল আৰম্ভ কৰিছিল। ২০১৭ত তেওঁ ইউটিউবত তাৰকা হিচাপে পৰিচিত হৈছিল।






























