Pakistan: গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত পাকিস্তানৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে লস্কৰ-ই-তৈবাৰ অন্যতম নেতা আমিৰ হামজাক । তথ্য অনুসৰি,গুৰুতৰভাৱে আঘাত অৱস্থাত তেওঁক উদ্ধাৰ কৰি লাহোৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়।
নিজৰ ঘৰতে আক্ৰমণৰ বলি হ’ল ভাৰতৰ হিটলিষ্টত থকা এইজন সন্ত্ৰাসবাদী।অৱশ্যে হামজা কেনেকৈ আঘাতপ্ৰাপ্ত হয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
অপাৰেচন সিন্দূৰৰ পাছত সমগ্ৰ বিশ্বই সন্ত্রাসবাদৰ সমস্যাৰ সন্মুখীন হোৱাৰ বিপৰীতে পাকিস্তানে সন্ত্রাসবাদৰ সমস্যাৰ সন্মুখীন হৈছে৷
সেই সময়তে ইটোৰ পাছত সিটোকৈ পাকিস্তানত অজ্ঞাত আক্ৰমণত উগ্ৰপন্থীৰ মৃত্যু আৰু আহত হোৱাৰ ঘটনা উত্থাপিত হ’বলৈ ধৰিলে।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি হামজা নিজৰ ঘৰতে গুৰুতৰভাৱে আহত হয়। ইয়াৰ পাছত তেওঁক আই এছ আইৰ নিৰাপত্তাৰ অধীনত লাহোৰৰ সামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
উল্লেখযোগ্য যে তিনিদিন পূৰ্বে পাকিস্তানৰ সিন্ধ প্ৰদেশত অচিনাক্ত আক্ৰমণকাৰীয়ে লস্কৰৰ উগ্ৰপন্থী আবু ছাইফুল্লাক গুলীয়াই হত্যা কৰিছিল। আন এজন শীৰ্ষ লস্কৰ উগ্ৰপন্থীৰ আঘাতৰ ৰহস্য ঘনীভূত হ’বলৈ আৰম্ভ কৰিছে।
আমিৰ হামজা পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ গুজৰাণৱালা চহৰৰ বাসিন্দা। ২০১২ চনত আমেৰিকাই ইয়াক বিশ্বব্যাপী সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰিছিল।
এই উগ্ৰপন্থী হাফিজ ছাইদ আৰু আব্দুল ৰহমান মক্কিৰ অতি ঘনিষ্ঠ আছিল। তথ্য অনুসৰি ২০০০ চনৰ ভিতৰত এই সন্ত্ৰাসবাদী ভাৰতত ব্যাপকভাৱে সক্ৰিয় হৈ পৰিছিল।
২০০৫ চনত বেংগালুৰুত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ছাইফুল্লাহৰ সহযোগী আছিল হামজা।
সমগ্ৰ বিশ্বই জানে যে অপাৰেচন সিন্দূৰৰ পাছত পাকিস্তান সন্ত্ৰাসবাদৰ কেন্দ্ৰবিন্দু। পহলগাম আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতে পাকিস্তানৰ ন’টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰে।