Kashmir:0পাকিস্তানৰ গোলাবৰ্ষণত ক্ষতিগ্ৰস্ত হৈছে কাশ্মীৰৰ এটা মছজিদ । ভাৰতীয় সেনাই অঞ্চলটোৰ একমাত্ৰ পূজাস্থলী মেৰামতি কৰি গাঁওবাসীক উপহাৰ দিয়ে।
মছজিদ চাৰাইত সেনাবাহিনীৰ উদ্যোগৰ সেই ছবিখন বুধবাৰে প্ৰকাশ্যেত আহিছে ।তথ্য অনুসৰি,জম্মু-কাশ্মীৰৰ ছোটা গাওঁ মহল্লাৰ ইবকোট গাঁৱত এই ঘটনা সংঘটিত হৈছে।
বিগত সাত মে’ত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ভাৰতে অপাৰেচন সিন্দূৰ আৰম্ভ কৰিছিল।সেই আক্ৰমণত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিছিল।
ইয়াৰ প্ৰতিশোধ হিচাপে পাকিস্তানী সেনাই ভাৰতৰ ধৰ্মীয় স্থান আৰু সাধাৰণ নাগৰিকক লক্ষ্য কৰি লয়। নিয়ন্ত্ৰণ ৰেখাত আৰম্ভ হয় গোলাবৰ্ষণ।
পাকিস্তানৰ আক্ৰমণত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হয় ইবকোট গাঁৱৰ মছজিদটোৰ ।
অঞ্চলটোৰ একমাত্ৰ উপাসনাস্থলী এই মছজিদটো ধ্বংস হোৱাৰ ফলত স্থানীয় বাসিন্দাসকলৰ বাবে সমস্যাৰ সৃষ্টি হৈ পৰে। সমগ্ৰ বিষয়টো জনাৰ পাছতে সক্ৰিয় হৈ পৰে সেনাবাহিনী। তাৰ পাছতে সেনাই স্হানীয়বাসিন্দা সকল সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে।
সেই অনুসৰি সেনাই মছজিদটো মেৰামতি কৰি স্থানীয় ৰাইজৰ ব্যৱহাৰৰ উপযোগী কৰি তুলিলে।স্থানীয় ৰাইজে এই পদক্ষেপৰ বাবে সেনাবাহিনীক ধন্যবাদ জনাইছে।