Balochistan Liberation Army: জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ পাছত আকৌ এবাৰ পাকিস্তান সেনাৰ ‘চকু’ বেলুচিস্তান আৰু খাইবাৰ পখতুনখোৱাত।
সোমবাৰৰ পৰা দুয়োখন প্ৰদেশত অভিযানত কমেও ১২ জন বিদ্ৰোহী নিহত হৈছে বুলি জনাইছে পাকিস্তান সেনাৰ আন্তঃসেৱা জনসংযোগৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফ চৌধৰীয়ে ।
লেফটেনেণ্ট জেনেৰেল চৌধৰীৰ দাবী, নিৰ্দিষ্ট চোৰাংচোৰা তথ্যৰ ভিত্তিত বুলোচিস্তান লিবাৰেশন আর্মি (বিএলএ) আৰু তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি)-ৰ ডেৰাত অভিযান চলোৱা হৈছে।
সেনাৰ বিবৃতিত দাবী কৰা হৈছে যে নিহত বিদ্ৰোহীসকলক “ভাৰতৰ সমৰ্থিত”। উত্তৰ ৱাজিৰিষ্টান খাইবাৰ পখতুনখোৱাত টিটিপি বিদ্ৰোহীৰ স’তে হোৱা সংঘৰ্ষত দুজন পাকিস্তানী জোৱান নিহত হোৱা বুলিও আইএছপিআৰৰ মুৰব্বীগৰাকীয়ে জানিবলৈ দিয়ে।
সোমবাৰে নিশা বেলুচিস্তানৰ লক্কি মাৰৱাট জিলাত সংঘটিত হয় প্ৰথমটো সংঘৰ্ষ। তাত থকা সেনা আৰু অৰ্ধসামৰিক সীমান্ত কৰ্পছৰ যৌথ অভিযানত বিএলএৰ সাতজন বিদ্ৰোহী নিহত হয়।
দ্বিতীয়খন সংঘৰ্ষ সংঘটিত হয় বেলুচিস্তানৰ বান্নু জিলাত।তাতে দুজন বিএলএ যোদ্ধা নিহত হয়। আনহাতে, উত্তৰ ৱাজিৰস্তান জিলাৰ মিৰ আলী অঞ্চলত টিটিপিয়ে নিৰাপত্তাৰক্ষীৰ কনভয়ক আক্ৰমণ কৰাৰ ফলত প্ৰতিশোধমূলক গুলীত দুজন উগ্ৰপন্থী নিহত হয়। তাতে দুজন জোৱানৰো মৃত্যু হয়।
এই ঘটনাৰ পাছতে পাকিস্তান সেনা আৰু সন্ত্ৰাসবাদ বিৰোধী বিভাগৰ যুটীয়া বাহিনীয়ে অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰিছে।