Anti-terror outreach:সন্ত্ৰাসবাদৰ ক্ষেত্ৰত পাকিস্তানৰ দ্বৈততাক সমগ্ৰ বিশ্বৰ আগত তুলি ধৰিবলৈ সাতটা সৰ্বদলীয় প্ৰতিনিধি দল গঠন কৰিছে কেন্দ্ৰই। এই প্ৰতিনিধি দলসমূহে বিশ্বৰ মুঠ ৩৩খন দেশলৈ যাত্ৰা কৰিব। ইতিমধ্যে কেবাটাও প্ৰতিনিধি দল বিভিন্ন দেশলৈ ৰাওনা হৈছে। বৃহস্পতিবাৰে আৰু কেবাটাও দল ৰাওনা হ’ব।
এই প্ৰতিনিধি দলসমূহত বিভিন্ন দলৰ মুঠ ৫১ গৰাকী নেতা আছে।
কিন্তু কি ভিত্তিত এই ৩৩খন দেশ বাছি লৈছিল নতুন দিল্লীয়ে, কোন কোন দেশলৈ যাব প্ৰতিনিধিসকল? এই সকলোবোৰ কি ভিত্তিত ঠিক কৰিলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে?
প্ৰথম অৱস্থাত অনুমান কৰা হৈছিল যে সৰ্বদলীয় প্ৰতিনিধি দলসমূহ কেৱল ‘বন্ধুত্বপূৰ্ণ’ দেশলৈহে প্ৰেৰণ কৰা হ’ব।
তালিকা প্ৰকাশ পোৱাৰ পাছত দেখা গ’ল ভাৰতীয় সাংসদসকলে মুঠ ৩৩খন দেশলৈ যাত্ৰা কৰিব।ইয়াৰ মাজৰ বহুতো দেশ হয়তো ভাৰতৰ প্ৰত্যক্ষ ‘মিত্ৰ’ নহয়।
কি ভিত্তিত এই দেশবোৰ বাছনি কৰা হৈছিল? বৈদেশিক মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি নতুন দিল্লীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত এই দেশসমূহৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি বাছনি কৰিছে।
প্ৰথমতে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে পাঁচখন দেশ নিৰ্বাচিত হৈছে।ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১০গৰাকী অস্থায়ী সদস্যলৈও প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে।
ইয়াৰ উপৰিও অনাগত দিনত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যপদ লাভ কৰিবলগীয়া পাঁচখন দেশলৈও প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে।
ইয়াৰ বাহিৰেও সেই সকলো দেশক বাছনি কৰা হৈছে,যিবোৰ সাধাৰণতে গুৰুত্বপূৰ্ণ বিষয় দেশৰ কথা বিশ্বৰ মঞ্চত গুৰুত্ব পায়,সেই সকলো দেশলৈ প্ৰতিনিধিসকলক প্ৰেৰণ কৰা হৈছে।
দৰাচলতে ভাৰতে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দূৰৰ পাছত ভাৰতৰ স্থিতি আৰু পাকিস্তানে সন্ত্ৰাসবাদীক কেনেকৈ প্ৰত্যক্ষভাৱে সমৰ্থন কৰিছে সেই বিষয়ে সমগ্ৰ বিশ্বৰ আগত তুলি ধৰিব বিচাৰিছে।
অনাগত দিনত পাকিস্তানৰ ওপৰত নিষেধাজ্ঞাকে ধৰি একাধিক কূটনৈতিক পদক্ষেপত নতুন দিল্লীক বন্ধুৰ প্ৰয়োজন ।
সেইবাবেই বিশ্বমঞ্চত পাকিস্তানৰ প্ৰকৃত ৰূপ তুলি ধৰাৰ এই প্রচেষ্টা।