Maoist: যৌথ বাহিনীৰ স’তে হোৱা এনকাউণ্টাৰত নিহত হয় শীৰ্ষ মাওবাদী নেতা কেশৱ ৰাও ওৰফে বাসৱৰাজ। পুলিচৰ খাতাত তেওঁৰ মূৰৰ দাম আছিল এক কোটি টকা।
কেৱল তেওঁৱেই নহয়, যৌথ বাহিনীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত হৈছে আন ২৯জন মাওবাদী।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছিল, ২০২৬ চনৰ ভিতৰত দেশখন মাওবাদীমুক্ত কৰা হ’ব।তেতিয়াৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত মাওবাদী বিৰোধী অভিযান আৰম্ভ হৈছে।
সেই অভিযানৰ অংশ হিচাপে বুধবাৰে পুৱা চত্তীশগড়ৰ নাৰায়ণপুৰৰ আবুঝামাধত নিৰাপত্তাৰক্ষীৰ স’তে বন্দুকৰ যুঁজ আৰম্ভ হয়।
এই দুৰ্গম পাহাৰীয়া অঞ্চলটো অশান্ত মাওবাদীৰ অস্থায়ী ঘাটি হিচাপে পৰিচিত। গোপন সূত্ৰৰ পৰা আৰক্ষীৰ হাতত তথ্য আছিল ,আবোজমাধত এজন মাওবাদী কমাণ্ডাৰ আত্মগোপন কৰি থকাৰ ।
প্ৰথমতে তেওঁৰ পৰিচয় প্ৰকাশ পোৱা নাছিল যদিও পাছত পোহৰলৈ আহিল যে সেনাপতিজন বাসৱৰাজ ।
বিগত ২১ এপ্ৰিলৰ পৰা কাৰেগুটা পাহাৰ অঞ্চলত আৰম্ভ হয় মাওবাদী দমন অভিযান।কেন্দ্ৰীয় বাহিনী চি আৰ পি এফৰ জংঘল যুদ্ধ প্ৰশিক্ষিত কমাণ্ডো বাহিনী ‘কোব্ৰা’, চত্তীশগড় সশস্ত্ৰ আৰক্ষী আৰু জিলা সংৰক্ষিত ৰক্ষী বাহিনী, মহাৰাষ্ট্ৰ আৰক্ষীৰ চি-৬০, তেলেংগানা আৰক্ষীৰ মাওবাদী দমন বাহিনীও আছে এই দলত।
মাজতে এদিনৰ বাবে বন্ধ কৰি দিয়া হৈছিল অপাৰেচন।অৱশ্যে তাৰ পাছত পুনৰ আৰম্ভ হ’ল অভিযান।