Tamil Nadu:হিন্দীৰ আগ্ৰাসন, ভাষাযুদ্ধ, মোডী বনাম ষ্টেলিন, কেন্দ্ৰ বনাম ৰাষ্ট্ৰ অব্যাহত। ভাষা আগ্ৰাসনৰ প্ৰতিবাদৰ বাবে ২,১৫১ কোটি টকা ৰখাইছে কেন্দ্ৰীয় চৰকাৰে।
এই অভিযোগক লৈ এইবাৰ উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছে এম কে ষ্টেলিনৰ তামিলনাডুৱে।
উচচতম ন্যায়ালয়ত তামিলনাডু চৰকাৰে ঠিক কি অভিযোগ কৰিছে?
ষ্টেলিন চৰকাৰে জনাইছে, কেন্দ্ৰৰ শিক্ষানীতি পালন নকৰাৰ বাবে তেওঁলোকক ‘শাস্তি’ দিয়া হৈছে। ইচ্ছাকৃতভাৱে ৰখা হৈছে ৰাজ্যৰ ধন। ২০২০ চনৰ পৰা আৰম্ভ হোৱা এই বিশৃংখলতা।সেই বছৰতে কেন্দ্ৰই ৰাষ্ট্ৰীয় শিক্ষা নীতিত কেবাটাও পৰিৱৰ্তন সাধন কৰে।
তাত প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে তিনিটা ভাষা বাধ্যতামূলক কৰা হৈছে। সংঘাতৰ কাৰণ হৈছে তামিলনাডুকে ধৰি দক্ষিণৰ ৰাজ্যসমূহৰ দ্বিভাষিক নীতি। অৰ্থাৎ ইংৰাজী আৰু আঞ্চলিক ভাষা।
ষ্টেলিনৰ দলটোৱে আৰম্ভণিৰে পৰাই ডি এম কেৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে,তিনি ভাষাৰ নীতি আনি বলপূৰ্বক হিন্দী জাপি দিয়াৰ ষড়যন্ত্ৰ।
হিন্দী আগ্ৰাসনৰ বিৰোধিতাৰ বাবে কেন্দ্ৰই শিক্ষা সম্প্ৰসাৰণৰ বাবে তামিলনাডুক দিয়া আৰ্থিক সাহায্য বন্ধ কৰি দিয়াৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত অভিযোগ দাখিল কৰিছে তামিলনাডু চৰকাৰে।
প্ৰায় ২১৫১ কোটি টকাৰ বিভিন্ন শিক্ষা প্ৰকল্প বন্ধ কৰি দিছে মোডী চৰকাৰে। ফলত ইয়াৰ পৰিণাম ভুগিছে ছাত্ৰ-ছাত্ৰীয়ে।
যদিও চলিত বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীত কেন্দ্ৰৰ প্ৰকল্প অনুমোদন ব’ৰ্ডৰ বৈঠকৰ পাছত ঘোষণা কৰা হয় যে এপ্ৰিলৰ ভিতৰত তামিলনাডুক প্ৰাপ্য ধন প্ৰদান কৰা হ’ব।
এপ্ৰিল পাৰ হৈ মে’ মাহৰ ওচৰ চাপিছে যদিও শিক্ষা প্ৰকল্পৰ বাবে এতিয়াও ধন পোৱা নাই। এই কাৰণেই ষ্টেলিন চৰকাৰে গোচৰটো উচ্চতম ন্যায়ালয়লৈ নিয়াৰ সিদ্ধান্ত লয়।