CM Press Meet:
দেৰগাঁৱস্থ লাচিত বৰফুকন পুলিচ একাডেমিত বুধবাৰে অনুষ্ঠিত হয় অসম কেবিনেটৰ বৈঠক ৷ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠক কেতবোৰ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী এক সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্ত সমূহ সদৰি কৰে ৷ কেবিনেটে ‘অসমৰ কনচার্ট পর্যটনৰ অর্থনীতি’ক অনুমোদন জনাইছে। ইয়াৰ উদ্দেশ্য হৈছে বৃহৎ পৰিসৰৰ কনচার্ট আৰু সংগীত উৎসৱ আয়োজন কৰিব পৰাকৈ অসমক এক মুখ্য সংগীত আৰু বিনোদন পর্যটন কেন্দ্রৰ ৰূপত প্রতিষ্ঠা কৰা | এই নীতি অনুসৰি উন্নতমানৰ সংগীত স্থানসমূহ বিশ্বমানৰ পোহৰ আৰু শব্দ প্রযুক্তিৰ সৈতে বিকশিত কৰি তোলা হ’ব আৰু অসম পর্যটনে আৱশ্যকীয় ভি জি এফৰে সংগীতানুষ্ঠানসমূহক সমর্থন আগবঢ়াব ৷ গুৱাহাটী,ডিব্ৰুগড় আৰু যোৰহাটত হ’ব বৃহৎ কনচাৰ্ট ৷ সেই অনুসৰি গুৱাহাটীত ৮ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া বৃহৎ কনচাৰ্টত গীত পৰিৱেশন কৰিব আমেৰিকান ৰেপাৰ ‘পোষ্ট মেলন ৷
ৰাজ্যৰ সৌৰ শক্তি উৎপাদনৰ সম্ভাৱনাক সম্পূর্ণৰূপে ব্যৱহাৰ কৰিবলৈ কেবিনেটে ‘অসম সৌৰ শক্তি উৎপাদন প্ৰচাৰ নীতি ২০২৫’ত অনুমোদন কৰিছে, যাৰ লক্ষ্য ২০৩০ চনৰ ভিতৰত ৩৫০০ মেগাৱাট সৌৰ ক্ষমতা উৎপাদন কৰা তথা ৰাজ্যত ব্যক্তিগত আৰু ৰাজহুৱা বিনিয়োগ আকর্ষণ কবি প্রায় ১৫,০০০ নিয়োগ সৃষ্টি কৰা ৷ এই নীতিয়ে ঔদ্যোগিক উদগনি, শক্তি ক্রয়, ছিংগল উইণ্ড’ ক্রীয়াবেঞ্চ, আন্তঃগাঁথনি উন্নয়ন, পৰিবহণ শুল্ক আৰু বিদ্যুৎ কৰ ৰেহাই আদিৰ লগতে বহুতো সুবিধা প্রদান কৰিব ৷
আনহাতে লাচিত বৰফুকন আৰক্ষী একাডেমীৰ উন্নয়নৰ দ্বিতীয় পর্যায়ৰ বাবে কেবিনেটে ২২৯.৪১ কোটি টকা ব্যয়ৰ প্রশাসনিক অনুমোদন আগবঢ়াইছে। আনুমানিক ২ বছৰত ইয়াক সম্পূৰ্ণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে ৷
ডিব্ৰুগড়ক ৰাজধানী ৰূপ দিয়াৰ দিশত অন্য এক খোজ দিয়াৰ লক্ষ্যৰে কেবিনেটে ২৮৪.০৩ কোটি টকা ব্যয়সাপেক্ষে ডিব্রুগড়ত নতুন সংসদ পৰিসৰ আৰু বিধায়ক আবাস নির্মাণত অনুমোদন জনাইছে ৷ ডিব্ৰুগড়ৰ খনিকৰ ক্ৰীড়া পৰিসৰ উন্নীতকৰণৰ বাবে কেবিনেটে ২০৯.১৩ কোটি টকা ব্যয়েৰে মূল ষ্টেডিয়ামৰ আসনৰ ক্ষমতা ৫,০০০ৰ পৰা ৩৫,০০০ আসনলৈ বৃদ্ধি কৰাৰ অনুমোদন প্রদান কৰিছে ৷
একেদৰে কেবিনেটে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬ষ্ঠ সংযোজকৰ অধীনত ৪৭,৩০৬.৩৩ হেক্টৰ এলেকা চূড়ান্ত অধিসূচনাৰ প্রস্তাব অনুমোদন প্রদান কৰিছে | এই সম্প্ৰসাৰণৰ অধীনত গোপালঝাৰণি, গোনাইটাপু, ঠুটেচাপৰি, জবৰে, বালিগাঁও, বিশ্বনাথ ঘাট, উমাটুমনি, গাখীৰখাইতী, শিলঘাট আৰু হাতীমুৰা গাঁওসমূহ অন্তর্ভুক্তিৰ আওতাৰ বাহিৰত ৰখা হৈছে ৷
আনহাতে কেবিনেটে নুমলীগড় ৰিফাইনেৰী লিমিটেড (এন আৰ এল)ত অসম চৰকাৰৰ অনুমোদিত ইকুইটীবিনিয়োগৰ চতুৰ্থ আৰু চূড়ান্ত পৰ্যায়ৰ বাবে ২০৫.৭২৫ কোটি টকা মুকলিত অনুমোদন জনায় ৷ ইয়াৰ সৈতে অসম চৰকাৰে এন আৰ এলৰ প্ৰসাৰৰ বাৰে আগতে প্রতিশ্রুতি আগবঢ়োৱা ৮২৩ কোটি টকাৰ বিনিয়োগ সম্পূর্ণ কৰিব ৷
কেবিনেটে ১ অক্টোবৰ ২০২৫ ৰ পৰা সমূহ এ টি চি এল বাগানত অধিসূচিত সম্পূর্ণ মজুৰি পৰিশোধ ৰূপায়ণত অনুমোদন জনাইছে ৷ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে আন কেতবোৰ সিদ্ধান্তও সদৰি কৰে ৷