Floods in Assam:বান-ক্ষতিৰ এটকাও নিদিলে কেন্দ্রই

পুনৰ আৰম্ভ বান পৰিস্থিতি,বিগত বৰ্ষৰ ক্ষয়-ক্ষতিৰ বিপৰীতে অসমে ১,৬৮১.৪৯ টকা বিচাৰি দাখিল কৰিছে প্রস্তাৱ, দিল্লীলৈ তাঁত-বাটি কৰোতেই গ'ল ৰাজ্য চৰকাৰৰ

assam flood

Floods in Assam:

বাৰিষাৰ বতৰৰ আৰম্ভণিতেই ৰাজ্যৰ কে’বাটাও অঞ্চল ইতিমধ্যে বানত আক্রান্ত হৈছে। অসমকে ধৰি চুবুৰীয়া ৰাজ্যকেইখনত বিগত কে’বাদিন ধৰি ধাৰাবাহিকভাৱে হৈ থকা বৰষুণৰ বাবেই সৃষ্টি হৈছে এনে পৰিস্থিতিৰ। প্ৰতি বছৰে ৰাজাখনক একাধিক বানে জোঁকাৰি আহিছে। ইয়াৰ ফলত ধন-জন বিস্তৰ ক্ষতি হৈছে। এই ক্ষতিপূৰণৰ বাবে ৰাজ্যখনক প্রয়োজন হয় বৃহৎ পৰিমাণৰ পুঁজিৰ। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ এই পুঁজিৰে ক্ষয়-ক্ষতিৰ এটা ন্যূনতম পৰিমাণহে পূৰণ কৰাটো সম্ভৱ হয়। কাৰণ ক্ষতিপূৰণৰ পৰিমাণৰ বিপৰীতে ক্ষতি হয় যথেষ্ট বেছি।

ADVERTISEMENT

দুর্ভাগ্যজনকভাবে প্ৰতি বছৰে বানে জুৰুলা কৰা ৰাজ্যখনক ক্ষতিপূৰণৰ ধন আদায় দিয়াত চকু মুদা কুলিৰ ভাও লৈ আহিছে কেন্দ্ৰীয় চৰকাৰে। চলিত বৰ্ষ আগন্তুক দিনকেইটাত বানৰ বাবে সাজু হৈছে অসম চৰকাৰ। অৱশ্যে চৰকাৰ মনেৰে সাজু হ’লেও কামেৰে হ’ব পৰা নাই। কাৰণ যোৱাবাৰৰ ক্ষতিপূৰণৰ পুঁজিৰ এটকাও কেন্দ্রই এতিয়ালৈকে ৰাজ্য চৰকাৰক মোকলাই দিয়া নাই। দিছপুৰৰ সূত্ৰই সদৰী কৰা অনুসৰি, ২০২৪তো বানত বিস্তৰ ক্ষতি হৈছিল অসমৰ। ধন-জনৰ এই ক্ষতিপূৰণ তথা ক্ষতিগ্রস্ত অঞ্চলৰ তাৎক্ষণিক মেৰামতিৰ বাবে ৰাজ্য চৰকাৰে ১,৬৮১.৪৯ কোটি টকা বিচাৰি প্ৰস্তাৱ দাখিল কৰিছিল।

পৰিতাপৰ কথা যে এই ধনৰ এটকাও মোকলাই দিয়া নাই কেন্দ্ৰীয় চৰকাৰে। ফলত কেন্দ্ৰৰ ক্ষতিপূৰণৰ ধনৰ এটকাও অদ্যাপি হাতত নপৰিল ৰাজ্য চৰকাৰৰ। শেষবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে এছডিআৰএফ শিতানত যোৱা এপ্ৰিলত ৭১৬ কোটি টকা মোকলাই দিছিল। সেয়াও পূর্বে পাবলৈ থকা ধনৰহে অংশ। এপাচি শাকত এটা জালুকৰ লেখীয়াকৈ কেৱল সন্তুষ্টিৰ বাবেহে যেন ৰাজ্য চৰকাৰক সেই ধন দিয়া হৈছিল। ক্ষতিপূৰণৰ প্ৰাপ্য পুঁজি বিচাৰি অসম চৰকাৰে দিল্লীলৈ কে’বাবাৰো তাঁত-বাটি কৰাৰ পাছতো বানাক্ৰান্ত ৰাজ্যখনৰ প্ৰতি কেন্দ্ৰৰ হৃদয় নগলাটো ইয়াৰ পৰাই স্পষ্ট হৈছে।

কেন্দ্ৰৰ পুঁজিৰ পৰা বঞ্চিত হোৱাৰ পৰিণতিত অসমে নিজৰ ধনৰ অংশৰে যুঁজিবলৈ বাধ্য হৈছে। সূত্রত প্রকাশ যে যোৱা বৰ্ষত বানত ক্ষতিগ্রস্ত বহু অঞ্চলৰ মেৰামতি অথবা পুনৰ নিৰ্মাণ অদ্যাপি সম্পূর্ণ নহ’ল। আনকি দুর্বল মথাউৰি সবলীকৰণৰ কামো সম্পূৰ্ণ হৈ উঠা নাই। পুঁজিৰ অভাৱত বহু স্থানৰ মেৰামতিৰ কাম সংকুচিত কৰিবলৈয়ো বাধ্য হয়। এনে পৰিস্থিতিৰ বিপৰীতে ৰাজ্যত বানৰ আৰম্ভণি হ’লেই। উত্তৰ অসমত অৰুণাচলৰ পৰা নামি অহা পানীৰ ধলে সৃষ্টি কৰা বানত ইতিমধ্যে পথৰো ক্ষতিসাধন কৰিছে।

ইপিনে, ৰাজ্যত বানৰ পৰিৱেশ আৰম্ভ হোৱাত দিছপুৰত অনুষ্ঠিত বৈঠকত গৃহীত সিদ্ধান্তৰ ভিত্তিত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগে বুধবাৰে ৩৫ খন জিলা আৰু ৩৯ খন সমজিলালৈ এশ কোটি টকাৰ বান সাহায্য মুকলি কৰি দিয়ে। এই ধন বানাক্রান্তক তাৎক্ষণিকভাবে সহায়-সহযোগিতাতহে ব্যয় কৰা হ’ব। ৰাজ্য চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগত পূৰ্বৰে পৰা জমা থকা পুঁজিৰ পৰা এই ধন মোকলাই দিয়া হয়। তাৰ বিপৰীতে বানে কৰা ক্ষতিৰ মেৰামতি কৰিবলৈ পুঁজি নাপালে ৰাজ্য চৰকাৰে।

Exit mobile version