India delegation:বিশ্ব দৰবাৰত পাকিস্তানক উদঙাই দিবলৈ কেন্দ্ৰই বিভিন্ন দেশলৈ সৰ্বদলীয় প্ৰতিনিধি প্ৰেৰণ কৰিছে। কিন্তু ৰাছিয়ালৈ যোৱাৰ পথত মাজ আকাশৰ মাজত বিপদত পৰিল ভাৰতীয় প্ৰতিনিধি দলটো।
দীৰ্ঘসময় ধৰি আকাশত ঘূৰিব লগা হ’ল তেওঁলোকৰ বিমান। অৱশ্যে অৱশেষত ভাৰতৰ প্ৰতিনিধি দলটো নিৰাপদে মস্কোত উপস্থিত হয়।
তথ্য অনুসৰি, ভাৰতীয় প্ৰতিনিধি দলটোক লৈ যোৱা বিমানখন মস্কোৰ ডোমোডেড’ভ’ বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল। স্থানীয় সময় অনুসৰি শুকুৰবাৰে পুৱা বিমানখন অৱতৰণ কৰাৰ কথা আছিল।
কিন্তু সেই সময়তে ইউক্ৰেইনে বিমানবন্দৰৰ ওচৰৰ অঞ্চলটোত ড্ৰ’ন আক্ৰমণ আৰম্ভ কৰে। ফলত বিমানবন্দৰটো দ্ৰুতগতিত বন্ধ হৈ পৰে।
ফলত ভাৰতীয় সাংসদসকল বিমান বিপদত পৰিল।অৱতৰণ কৰিব নোৱাৰি বিমানখনে বহু সময় আকাশতে ঘূৰিব লগা হ’ল। অৱশেষত নিৰ্ধাৰিত সময়ৰ কেবাঘণ্টাৰ পাছত সাংসদসকল মস্কোত অৱতৰণ কৰে ।অৱশ্যে তথ্য অনুসৰি,সকলোৱে সুৰক্ষিত অৱস্থাত আছে।
মস্কোৰ সৰ্বভাৰতীয় ভাৰতীয় দূতাবাসে এক্স হেণ্ডেলত থকা জনোৱা হৈছে, “সাংসদ কানিমোজি কৰুণানিধিৰ নেতৃত্বত সৰ্বদলীয় প্ৰতিনিধি দল মস্কোত উপস্থিত হৈছে।” ভাৰতে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ দৃঢ়প্ৰতিজ্ঞ , এই বাৰ্তা প্ৰেৰণ কৰিব এই দিলে।
উল্লেখ্য যে,কণিমোঝিৰ নেতৃত্বত ছজনীয়া প্ৰতিনিধি দলটোত আছে আপৰ অশোক কুমাৰ মিট্টল, বিজেপিৰ ব্রিজেশ চৌটা, ৰাষ্ট্ৰীয় সন্মিলনৰ মিলন আলতাফ আহমেদ, সমাজবাদী পাৰ্টিৰ ৰাজীৱ ৰায় আৰু আৰজেডিৰ প্ৰেমচান্দ গুপ্তা।
ৰাছিয়াৰ পাছত এই প্ৰতিনিধি দলটোৱে স্পেইন, গ্ৰীচ, স্লোভেনিয়া, আৰু লাটভিয়ালৈ যাত্ৰা কৰিব।
উল্লেখযোগ্য যে,ভাৰতে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দূৰৰ পাছত ভাৰতৰ স্থিতি আৰু পাকিস্তানে সন্ত্ৰাসবাদীক কেনেকৈ প্ৰত্যক্ষভাৱে সমৰ্থন কৰিছে সেই বিষয়ে সমগ্ৰ বিশ্বৰ আগত তুলি ধৰিব বিচাৰিছে।