Himanta vs Gaurav:
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অহা ১০ ছেপ্টেম্বৰত অসমৰ ৰাইজৰ আগত আঁঠু কাঢ়ি ক্ষমা খুজিব লাগিব। কাৰণ তাৰ বিকল্প একো নাথাকিব।’ সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ লগত গোপন সম্পৰ্কৰ প্ৰমাণ অহা ১০ ছেপ্টেম্বৰত ৰাজহুৱা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ ঘোষণা কৰি আহিছে ।
সেই ঘোষণাকে বৃহস্পতিবাৰে এইদৰে প্ৰত্যাহ্বান জনায় গগৈয়ে। বিজেপিয়ে যোৰহাটত দলৰ বৰ্ধিত বিষয়ববীয়াৰ সভা অনুষ্ঠিত কৰাৰ মাধ্যমৰে জিলাখনত নির্বাচনী দুন্দভি বজোৱাৰ পাছতে গগৈ যোৰহাটত উপস্থিত হয়। তাৰ পাছতে সাংবাদিকৰ আগত মুখ্যমন্ত্রীক এনেদৰে প্ৰত্যাহ্বান জনোৱাৰ লগতে কয়, ‘মুখ্যমন্ত্ৰীৰ ওচৰত কোনো তথ্য নাই। এয়া সকলো ৰাজনৈতিক উদ্দেশ্যেৰে কৰা এখন চিনেমা মাত্র। এইখন চিনেমা ফ্লপ হ’বলৈ বেছিদিন নাই। বিগ বাজেটৰ এখন ফ্লপ চিনেমাৰ বাদে আন একো নহয়।
বলিউদৰ কিছুমান চিনেমাত যে আকর্ষণীয় বিজ্ঞাপন দি প্ৰচাৰ চলায় আৰু আমি সেই বিজ্ঞাপন দেখি চিনেমাখন ভাল হ’ব বুলি টিকট কাটি দর্শক হওক আৰু চিনেমাখন চোৱাৰ পাছত মনত যে ভাব হয়, ধেৎ টকাকেইটা এনেই পানীত পৰিল। সেয়াই হ’ব হিমন্ত বিশ্ব শৰ্মাৰ চিনেমাখনৰো। তেওঁৰ চিনেমাখনৰ নাম হ’ব হেজাৰ মিছা কথা হিমন্ত বিশ্ব শর্মা। ১০ ছেপ্টেম্বৰত যেতিয়া ফ্লপ চিনেমাখন ৰাইজে দেখিব, তেতিয়া বিজেপি দলৰ মাজতে হুলস্থূল লাগিব।’ গগৈয়ে লগতে কয় যে তেওঁ পাকিস্তানক সমালোচনা কৰি আহিছে আৰু তাৰ প্ৰমাণো দিছে। অথচ মুখ্যমন্ত্ৰীৰ মতে, তেওঁ পাকিস্তানৰ সমৰ্থক। মুখ্যমন্ত্ৰীয়ে কিন্তু নিজৰ এটা কথাৰো প্রমাণ দেখুৱাব পৰা নাই বুলি গগৈয়ে কটাক্ষ কৰে।
গগৈয়ে পুনৰ কয়, ‘পাকিস্তানৰ নীতিক সমালোচনা কৰি মই এটা প্রবন্ধ লিখিছিলো। যিখন গ্রন্থত প্ৰৱন্ধটো ওলাইছিল, সেইখনৰ সম্পাদক বিজেপিৰ উপ-সভাপতি বেদ প্রকাশ সিং। সেইজন বেদ প্রকাশ সিঙক আকৌ মুখ্যমন্ত্রীয়ে চিনি নাপায়। অথচ তেওঁৰ দলৰে বিধায়ক সুশান্ত বৰগোহাঁয়ে চিনি পায়। এয়া কেনে কথা? মুখ্যমন্ত্রীয়ে চিনি নোপোৱা মানুহ বিধায়কে চিনি পায়।’ পুনৰ পাকিস্তানৰ প্ৰসংগ উত্থাপনৰে গগৈয়ে মুখ্যমন্ত্ৰীক বৈ নাথাকি ১০ ছেপ্টেম্বৰৰ পূৰ্বেই সকলো তথ্য ৰাজহুৱা কৰিবলৈ আহ্বান জনায়।
ইয়াৰ লগতে মুখ্যমন্ত্রীক একপ্ৰকাৰ কটাক্ষ কৰি তেওঁ কয়, ‘মিছাতে কথাবোৰ কিয় ৰখাই থ’ব লাগে। মই ভাবিছো সেই প্রমাণ সোনকালে দিবলৈ আন্দোলনকে কৰো নেকি? ইমান ৰৈ থকাৰ কি দৰকাৰ। কেন্দ্ৰ-ৰাজ্যত বিজেপিৰ চৰকাৰ আছে। তেওঁলোকৰ হাততে ব’, চিবিআই সকলো আছে। তাৰ পাছতে এছআইটি প্রতিবেদনত ইমান পলম কিয়? মোদীৰ এজন ঘনিষ্ঠ সাংবাদিকে পাকিস্তানলৈ গৈ মুম্বাইৰ বোমা বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ড হাফিজ শ্বাহিদ কাকো নজনোৱাকৈয়ে লগ কৰি আহিল। তেওঁলোকৰ নেতা আদৱানীয়ে পাকিস্তানলৈ গৈ জিন্নাক প্রশংসা কৰিছিল। বিজেপিৰ ডাঙৰ নেতা যশোৱন্ত সিনহাই জিন্নাৰ ওপৰত কিতাপ লিখি আহিল।’
গগৈয়ে সাংবাদিকৰ লগত হোৱা বাৰ্তালাপৰ সময়ত নিজৰ ম’বাইল ফোনত ২০১১ৰ এখন ছবিও প্রদর্শন কৰে। এই সন্দর্ভতো কয়, ‘হিমন্ত বিশ্ব শৰ্মাই বেনজিৰ ভূট্টোৰ এখন কিতাপ পঢ়াৰ কথা লিখিছে। তেওঁ বেনজিৰ ভূট্টোৰ কিমান প্রিয়। তেওঁৰ শেহতীয়া এখন গ্রন্থ বর্তমান বাংলাদেশৰ চৰকাৰৰ মুখ্য উপদেষ্টা ড: ইউনুছৰ হাতত আছে। সেইখন কেনেকৈ ইউনুছৰ হাতত পৰিল? হিমন্ত বিশ্ব শর্মাই কিমানবাৰ বাংলাদেশলৈ গৈছে সেই হিচাপ আমাক দিয়ক। তেওঁৰ মিছাবোৰ এটা এটাকৈ ওলাই থাকিব। গছপুলি ফলে পইচা পাব, বিয়া হ’লে সোণ পাব আদি কিমান ডাঙৰ ডাঙৰ মিছা কথা অসমৰ ৰাইজে ভালদৰে জানে।’ মুখ্যমন্ত্ৰীয়ে আৰক্ষী বিষয়া প্রয়াত জোনমণি ৰাভা আৰু উমৰাংছ’ৰ কয়লা কেলেংকাৰিৰ লগত গঠিত এছআইটিৰ তথ্য দিব লাগে বুলিও গগৈয়ে প্রত্যাহ্বান জনায়।