Tortoise rescued in Janata Bhawan Park: অসম সচিবালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা উদ্যানৰ পুখুৰীত উদ্ধাৰ এটা প্রকাণ্ড কাছ

মীন বিভাগৰ নিৰ্দেশত হৈছিল সিঁচা

janata bhawan 1

Tortoise rescued in Janata Bhawan Park:

মহানগৰীৰ দিছপুৰস্থ অসম সচিবালয়ৰ গাতে লাগি থকা লক্ষ্মীনাথ বেজবৰুৱা উদ্যানৰ পুখুৰীটো  সিঁচা হৈছিল মীন বিভাগৰ নিৰ্দেশত ৷ পুখুৰীটো সিঁচাৰ পিচত বোকাৰ পৰা উদ্ধাৰ হয় দুষ্প্রাপ্য এটা প্রকাণ্ড কাছ

ADVERTISEMENT

একেদৰে পুখুৰীটোৰ পৰা উদ্ধাৰ হয় আন বহু সৰু-বৰ কাছ ৷ ওলাল বস্তাই বস্তুাই মাছ ৷ ইতিমধ্যে মীন বিভাগে দুষ্প্রাপ্য প্রকাণ্ড কাছটো সহ আন কাছ সমূহ প্ৰেৰণ কৰে ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ।  ৷ অৱশ্যে বস্তাই বস্তুাই ওলোৱা মাছ খিনি কি কৰিলে সেয়াহে সকলোৰে বাবে লাখটকীয়া প্ৰশ্ন ৷

উল্লেখ্য যে জনতা ভৱনৰ লক্ষ্মীনাথ বেজবৰুৱা উদ্যানৰ পুখুৰীটো উদ্যান খনৰ শোভাবৰ্ধন কৰি আহিছিল যদিও সংশ্লিষ্ট কৰ্তৃপক্ষৰ আওকণীয়া মনোভাৱৰ বাবে পৰিৱৰ্তিত হৈছিল পৰিতক্ত্য পুখুৰীলৈ ৷ গছ-গছনিৰ পাত আৰু প্লাষ্টিকৰ পলিথিন পৰি এক দুগন্ধময় খালত পৰিণত হৈছিল ৷

Exit mobile version