ULFA(I) Operations Commander Rupam Asom arrested:
অসম আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰা আলফা স্বাধীনৰ দুৰ্ধৰ্ষ নেতা তথা অপাৰেচন কামাণ্ডাৰ ৰূপম অসম অৱশেষত পৰিল আৰক্ষীৰ জালত ৷
ADVERTISEMENT
বিশেষ খবৰৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে নিশা অসম- অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত অৰ্তকিতে অভিযান চলাই আটক কৰে ৰূপম অসমক ৷ ধৃত আলফা নেতাজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে কেতবোৰ মাৰাণস্ত্ৰ ৷ আনহাতে বৰ্তমানেও অঞ্চলটোত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷
উল্লেখ্য যে দুৰ্ধৰ্ষ আলফা নেতাজনে আলফাৰ বহু সামৰিক অভিযানৰ নেতৃত্বত বহন কৰাৰ লগতে বৰডুমছা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ কলিতা হত্যাকাণ্ডতো জড়িত আছিল ৷