Suspected Bangladeshi citizen arrested:
কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ কঠোৰ নিৰ্দেশৰ ভিত্তিত দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে অসম আৰক্ষীয়েও শুক্ৰবাৰৰ নিশাৰে পৰা ৰাজ্যজুৰি সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ অংশস্বৰূপে গুৱাহাটীকে ধৰি কে’বাখনো জিলাত কে’বা শতাধিক সন্দেহযুক্ত বাংলাদেশী নাগৰিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত নিশা আৰক্ষীয়ে অভিযান চলাই ডেৰ শতাধিক সন্দেহযুক্ত নাগৰিকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে গৰিষ্ঠ সংখ্যক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশৰ নাগৰিক বুলি আৰক্ষীয়ে সদৰী কৰিছে। ধৃতসকলক ৰূপনগৰস্থিত আৰক্ষী ছাউনীত ৰখা হৈছে।
ফলত দেওবাৰে পুৱাৰে পৰা সংশ্লিষ্ট স্থানত ধৃত লোকসকলৰ আত্মীয়ই ভিৰ কৰি সমগ্র চৌপাশ উত্তাল কৰি তোলে। সন্দেহজনক লোকসকলৰ আত্মীয়ই হাতে হাতে নথিপত্র লৈ আৰক্ষীৰ জিম্মাত থকাসকল ভাৰতীয় নাগৰিক বুলি দাবী কৰে। আনকি অসম আৰক্ষীৰ গ’ বেক ধ্বনি দি সংশ্লিষ্ট স্থানত প্রতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কে’বাজনো লোকৰ পৰিয়ালে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে ২০-২৫ বছৰ ধৰি গুৱাহাটীত বাস কৰি আছে। প্রতিটো নির্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু প্ৰতিখন নথিপত্র তেওঁলোকৰ লগত আছে বুলি সদৰী কৰি শীঘ্ৰে পৰিয়ালৰ সদস্যসকলক মুকলি কৰি দিবলৈ দাবী জনায়। উল্লেখ্য যে গুৱাহাটীৰ সমান্তৰালভাৱে গোলাঘাট, মৰিগাঁও, শিৱসাগৰ আদিতো আৰক্ষীয়ে বৃহৎ সংখ্যক সন্দেহজনক নাগৰিকক গ্ৰেপ্তাৰ কৰিছে।
আনহাতে গোলাঘাট জিলাৰ মেৰাপানী-জামুগুৰিত সন্দেহজনক নাগৰিকক গ্ৰেপ্তাৰ কৰে ৷ ছজন সন্দেহজনক নাগৰিকক মেৰাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। পুৱাই মেৰাপানীৰ নেঘেৰিবিল, ফৰেষ্ট ব্লক, ইছলামপুৰ, গমাৰীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্দেহযুক্ত নাগৰিকসকলৰ তিনিজন পুৰুষ আৰু তিনি গৰাকী মহিলা। ধৃতসকল ক্রমে আব্দুল গাফিৰ ওৰফে বিনোদ কৰ্মকাৰ, জীৱন আলী ওৰফে গণেশ পাল, আয়ুব আলী, নুৰেজা বেগম, হাফিজা বেগম আৰু সুদেজা বেগম।
উল্লেখ্য যে ‘ডি’ ভোটাৰৰূপে চিহ্নিত উক্ত নাগৰিককেইজনক বিদেশী ন্যায়াধিকৰণ আদালতে সন্দেহযুক্ত নাগৰিকৰূপে ঘোষণা কৰিছিল। একেদৰে গোলাঘাটৰ জামুগুৰি আৰক্ষী থানাৰ অধীনৰ ওৱাটিং চাহ বাগিচা অঞ্চলত এজন সন্দেহজনক বাংলাদেশী নাগৰিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে।






























