Artificial Flood:
গুৱাহাটী মহানগৰীৰ কৃত্রিম বানৰ নতুন অভিকেন্দ্র হৈছে ৰুক্মিণীগাঁও। বৃহত্তৰ অঞ্চলটোৰ একাংশ পথ-উপপথ পূর্বেও মুষলধাৰ বৰষুণত কৃত্রিম বানৰ কবলত পৰিছিল। হ’লেও সেয়া দীর্ঘসময় জুৰি বাহাল থকা নাছিল। অঞ্চলটোৰ নাগৰিকক সেই পৰিস্থিতিৰ পৰা সকাহ দিবলৈ কে’বাকোটি টকা ব্যয়ৰে গুৱাহাটী মহানগৰ উন্নয়ন বিভাগক মুখ্য কৰি চৰকাৰে নলা ব্যৱস্থা সঠিকৰূপত গঢ়ি তোলাৰ কাম বিগত বৰ্ষত আৰম্ভ কৰে।
সেই কাম প্রায় সম্পূর্ণ হোৱাৰ পথত; কিন্তু নতুন নলা ব্যৱস্থাই ৰুক্মিণী গাঁওবাসীক সকাহ দিয়াৰ পৰিৱৰ্তে ৰুক্মিণী গাঁওবাসীক ঠেলি দিছে আকণ্ঠ যমৰ যন্ত্ৰণাৰ মাজলৈ। কিয়নো আগতে প্রায় তিনি ঘণ্টাৰ ভিতৰত অঞ্চলটোত জমা হোৱা পানীভাগ ওলাই গৈছিল; এতিয়া দুদিনলৈও ওলাই নাযায়। পূর্বে কৃত্রিম বান হ’বলৈ প্রয়োজন হৈছিল মুষলধাৰ বৰষুণৰ।
এতিয়া সাধাৰণ বৰষুণ এজাকতে নাজল-নাথল পৰিস্থিতিৰ সৃষ্টি হয়। ৰাইজৰ অভিযোগ অনুসৰি, অঞ্চলটোৰ নলাবোৰ এনেধৰণে নিৰ্মাণ কৰা হৈছে যে কাষৰীয়া অঞ্চলবোৰৰ পানী হোৰাহোৰে ৰুক্মিণী গাঁৱৰ নতুন নলাবোৰেৰে সোমাই আহে। ফলত অঞ্চলটোত আগতকৈ অধিক ক্ষিপ্রতাৰে পানী জমা হয়। বানৰ বাবে মানুহ সাজু হ’বলৈ সময়েই নাপায়।
এবাৰ পানী জমা হোৱাৰ পাছত কেতিয়ালৈ ওলাই যাব তাৰ কোনো ধাৰণাই কৰিব নোৱাৰি। উল্লেখ্য যে ৰাইজৰ বহু যুঁজ-বাগৰৰ অন্তত অতি লেহেমীয়া গতিৰে আগবঢ়া নলা নিৰ্মাণৰ কাম প্রায় চমু চাপি আহিছে। নলাবোৰ হৈ উঠাত কৃত্রিম বানৰ প্রকোপ হ্রাস পাব বুলি ৰাইজে গভীৰভাৱে আশা কৰিছিল। সেই আশাক অভিযন্তা-ঠিকাদাৰে মষিমূৰ কৰি দিলে।
অঞ্চলটোৰ ক্ষুব্ধ ৰাইজে আজি স্থানীয় হাইস্কুলত মিলিত লৈ অতি গুৰুতৰ হৈ পৰা সমস্যাটোৰ বিৰুদ্ধে সৰব হয়। একপ্ৰকাৰ স্বতঃস্ফূর্তভাৱে সমবেত হৈ ৰাইজে উন্নয়নৰ নামত তেওঁলোকক কৰা প্ৰতাৰণা আৰু প্ৰৱঞ্চনাৰ বিৰুদ্ধে বৃহৎ প্রতিবাদ গঢ়ি তোলাৰ সিদ্ধান্ত গ্রহণ কৰে। স্থানীয় বাসিন্দা হিতেশ বৰুৱাই অভিযোগ কৰে যে অঞ্চলটোৰ নলাবোৰ যথেষ্ট দকৈ নিৰ্মাণ কৰা হৈছে।
ফলত কাষৰীয়া অঞ্চলবোৰৰ পানী সেইনলাত সোমায়। ইয়াৰ বিপৰীতে নলাৰ পানী সঠিক ধৰণে ওলাই যোৱা ব্যৱস্থা নাই। সেই কাৰণে পানী উলিয়াই দিয়া পাম্প বেছিকৈ বহুৱালেও কামত নাহে। ইয়াৰ বিপৰীতে পূর্বে তিনিটা পাম্প বহুৱালেই পানী ওলাই গৈছিল। তেওঁ কয়, ‘ৰুক্মিণী গাঁওখনক পানী জমা হ’ব পৰা এটা গাঁতৰ আকৃতি দিয়া হৈছে আৰু সেই ধৰণে ইয়াত চাৰিওফালৰ পানীবোৰ জমা হয়। সাধাৰণ ৰাইজৰ ইয়াত যন্ত্রণা বাঢ়িছে আৰু কমিছনৰ ধনেৰে কাৰোবাৰ জেপ গধুৰ হৈছে। আমাৰ কথা চৰকাৰে নুশুনে। চৰকাৰে নুশুনিলে বুলিয়ে আমি বহি নাথাকো। আমি প্রতিবাদ-আন্দোলন গঢ়ি তুলিম।