Nemsu:
মুছলমান হিচাপে জন্ম লোৱাটো আমাৰ ভূল হৈছে নেকি। মুছলমান সকল মানুহ নহয় নেকি চৰকাৰক প্ৰশ্ন নেমছু’ৰ সভাপতি বদৰুল ইছলামৰ। শেহতীয়াকৈ অবৈধ বাংলাদেশী ধৰাৰ নামত গুৱাহাটী সহ ৰাজ্যৰ কে’বাটাও স্থানত ভাৰতীয় মুছলমানক আটক কৰাৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰে সংখ্যালঘু ছাত্ৰ নেতাজনে ৷
তেওঁ কয়, হে চৰকাৰ আৰু চৰকাৰৰ ৰজা-মহাৰজা সকল। আমাক টাৰ্গেট কৰি কৰি আৰু কিমান অত্যাচাৰ কৰিবা।তোমালোকৰ অলপো মায়া-মমতা আৰু ন্যায় নাইনে।চৰকাৰখনক ভগৱানে সুমতি দিয়ক আপোনালোক কিয় ইমান চকু চৰহা যে মুছলমানক শাস্তি দি আপোনালোকে আনন্দ উপভোগ কৰে। এই আনন্দত কংগ্ৰেছ- বিজেপি এটা মুদ্ৰাৰ ইপিঠি- সিপিঠি । ডি ভোটাৰ, সন্দেহজনক নাগৰিক আৰু ডিটেনশ্বন কেম্প .এইয়া কংগ্ৰেছৰ সৃষ্টি |
কংগ্ৰেছৰ দৰে বিজেপিও মুছলমানক টাৰ্গেট কৰি কৰি উচ্ছেদ কৰিছে, চৰৰ মাটিৰ ম্যাদী পট্টা কংগ্ৰেছে কিয় দিয়া নাছিল।NRCৰ নামত মুছলমানসকলক হাৰাশাস্তি কৰা হল। মছজিদ, মাদ্ৰাছা, দৰগাহৰ ওপৰত ভাৰতৰ বহুতো ঠাইত বুলডুজাৰ চলিল। ৱাকফ সম্পত্তি কাঢ়ি নিয়াৰ চেষ্টা চলি আছে। ভাৰতত জন্মগ্ৰহণ কৰা একাংশ মুছলমানক বিদেশীৰ নামত হাৰাশাস্তি চলি আছে।






























