Rajya Sabha Election : অসমত ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা

১৯ জুনত অনুষ্ঠিত হ'ব নিৰ্বাচন,তামিলনাডুৰ ছয় আসনৰ বাবেও হ'ব নিৰ্বাচন

eci

Rajya Sabha Election :

১৪ জুনত অসমত দুখন ৰাজ্যসভাৰ আসন খালী হ’ব ৷  অন্ত পৰিব বিজেপিৰ মিছন ৰঞ্জন দাস আৰু অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ কাৰ্যকাল। ৷ খালি হোৱা দুই আসনৰ নিৰ্বাচনৰ বাবে সোমবাৰে নিৰ্বাচন আয়োগে দিন ঘোষণা কৰে ৷

সেই অনুসৰি ১৯ জুনত অসমত দুখন আসনৰ বাবে অনুষ্ঠিত হ’ব ৷ নিৰ্বাচনৰ দিনাই ঘোষণা হ’ব ফলাফল ৷ আনহাতে নিৰ্বাচনৰ বাবে ২ জুনত জাৰি হ’ব অধিসূচনা ৷ ৯ জুনত মনোনয়ন দাখিলৰ অন্তিম দিন হোৱাৰ বিপৰীতে প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে ১২ জুন৷ আনহাতে তামিলনাডুৰ ছয় আসনৰ বাবেও ১৯ জুনত হ’ব নিৰ্বাচন ৷

Exit mobile version