Kaziranga CWRC:
বিভিন্ন সময়ত মাতৃৰ পৰা বিচ্ছিন্ন হোৱা চাৰিটা হাতী পোৱালিক বনবিভাগে উদ্ধাৰ কৰি গতাই দিছিল কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্রক ৷ মাতৃহাৰা হাতী পোৱালিক কেইটাক ইতিমধ্যে লালন পালন কৰিছে বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্রই ৷
ADVERTISEMENT
ক্ৰমাৎ ডাঙৰ হোৱা হাতী কেইটা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্রৰ চৌহদত নিতৌ উমলিজামলি বিচৰণ কৰিছে ৷ সিঁহতক তিনিঘণ্টাৰ মুৰে মুৰে দৈনিক দিয়া হয় ২৪ লিটাৰ গাখীৰ। এই কথা জানিব দিয়ে চি ডব্লিউ আৰ চিৰ চিকিৎসক ভাস্কৰ চৌধুৰীয়ে ৷