Earthquake : মাজনিশা দুটা ভূমিকম্পই জোকাৰি গ’ল মণিপুৰ। মঙলবাৰে পুৱা ১:৫৪ বজাত প্ৰথম কঁপনি অনুভৱ কৰা হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.২। পৰৱৰ্তী ভূমিকম্পটো পুৱা ২:২৬ বজাত অনুভৱ কৰা হয়। দ্বিতীয়টো ভূমিকম্পৰ প্ৰাবল্য আছিল ২.৫। মাজনিশা একেৰাহে ভূমিকম্পৰ ফলত আতংক বিয়পি পৰে।
সাধাৰণ মানুহ ওলাই আহিল ৰাজপথলৈ। মেঘালয়, ত্ৰিপুৰা লগতে বাংলাদেশতো কম্পন অনুভৱ কৰা হয়। অৱশ্যে ভূমিকম্পৰ ফলত এতিয়ালৈকে কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই।
ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি প্ৰথমটো ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল মণিপুৰৰ চুৰাচান্দপুৰ জিলাত। ভূপৃষ্ঠৰ পৰা ৪০ কিলোমিটাৰ তলত।
দ্বিতীয়টো ভূমিকম্প অনুভৱ কৰা হৈছে মণিপুৰৰ ননীত। ৰিখটাৰ স্কেলৰ ২.৫ জোখৰ এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল ২৫ কিলোমিটাৰ তলত। আধা ঘণ্টাৰ ভিতৰতে দুটাকৈ ভূমিকম্পৰ ফলত তীব্ৰ আতংকৰ সৃষ্টি হয়।