Cm Reaction:
নতুত দিল্লীত বুধবাৰে এক সংবাদমেলত গৌৰৱ গগৈয়ে পাকিস্তান যোৱাৰ কথা স্বীকাৰ কৰাৰ পাছত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে জনালে তাৎক্ষণিক প্ৰতিক্ৰিয়া ৷
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, অৱশেষত কংগ্ৰেছৰ সাংসদ শ্রীগৌৰৱ গগৈ ডাঙৰীয়াই স্বীকাৰ কৰিলে যে তেখেতে পাকিস্তান ভ্ৰমণ কৰিছিল। কিন্তু আমি অতি বিনম্রতাৰে ক’ব বিচাৰিছোঁ যে এয়া সমাপ্তি নহয়, মাত্র আৰম্ভণিহে।
ভৱিষ্যতৰ দিনত যিসমূহ বিষয় আহি আছে সেয়া বহু বেছিয়েই গুৰুতৰ। শ্রীগৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তানৰ সৈতে ঘনিষ্ঠ সম্পর্ক বজাই ৰখাৰ কথাৰ প্ৰতিটোৰে বিশ্বাসযোগ্য আৰু নথিভুক্ত তথ্য আমাৰ মজুত আছে। সম্পূর্ণ প্রক্রিয়াটো যাতে স্বচ্ছ হয় তাৰবাবে অসম চৰকাৰে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিছিল আৰু তেওঁলোকে নিজৰ বিস্তৃত তদন্ত সমাপ্ত কৰাৰ পাছত ১০ ছেপ্টেম্বৰত আমি সকলো তথ্য ৰাজহুৱা কৰিম।
অসম তথা দেশৰ জনসাধাৰণে এই সত্য জনাৰ অধিকাৰ আছে আৰু আমি এইক্ষেত্রত সম্পূর্ণ দায়বদ্ধ। কিন্তু দুর্ভাগ্যজনকভাৱে কংগ্ৰেছ দল আৰু শ্ৰীৰাহুল গান্ধীয়ে এনে এগৰাকী ব্যক্তিক ইচ্ছাকৃতভাৱে সুৰক্ষা প্ৰদান কৰি সামাজিক জীৱনলৈ আগুৱাই দি যিদৰে দেশৰ সুৰক্ষাৰ সৈতে আপোচ কৰিলে, সেই কথা দেশে কেতিয়াও নাপাহৰে তথা কংগ্ৰেছ আৰু শ্ৰীৰাহুল গান্ধীক কেতিয়াও ক্ষমা নকৰিব।