Elephant In-out :
অৱশেষত বন বিভাগে দায়িত্ব ল’লে মাউতে অত্যাচাৰ কৰা মইনা নামৰ হাতীটো ৷ মইনা নামৰ এটা ঘৰচীয়া হাতীক সোমবাৰে মাউতে অতি নির্দয়ভাৱে মাটিত বাগৰি পৰাৰ পাছতো অত্যাচাৰ চলোৱাৰ এক মর্মান্তিক দৃশ্য সামাজিক মাধ্যমত ভাইৰেলে হৈ পৰাৰ পাছত ঘটনাটোক লৈ প্রকৃতিপ্রেমীসকলে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে।
তেওঁ কয় যেসংশ্লিষ্ট বিভাগে ঘৰচীয়া হাতীৰ মাউতসকলক প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰাৰ লগতে অনুজ্ঞাপত্র দিয়াৰো ব্যৱস্থা কৰিব লাগে। হাতীক নিয়ন্ত্রণ কৰাৰ নামত অংকুশৰে খুচা আৰু লাঠিৰে প্ৰহাৰ কৰা বন্ধ কৰিব লাগে। বৰাই কয়, আচলতে বনৰ হাতী বনতেই থাকিব দিব লাগে। বন্যহস্তীৰ আৱাসস্থলীৰ সংৰক্ষণহে কৰিব লাগে। মাউতসকলৰ কোনো ধৰণৰ প্রশিক্ষণ নথকা হেতুকেই ঘৰচীয়া হাতীৰ ওপৰত মাউতসকলে অত্যাচাৰ চলাই থকা বুলি তেওঁ কয়।
