Gaurav Gogoi Pressmeet In Delhi:
এপিচিচিৰ সদ্য নিযুক্ত সভাপতি তথা লোকসভাৰ বিৰোধী উপ- দলপতি গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই বিগত কে’বাদিনো ধৰি পাকিস্তানৰে যোগাযোগ থকা বুলি উদ্থাপন কৰি অহা অভিযোগ সন্দৰ্ভত অৱশেষত পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰিলে গৌৰৱ গগৈয়ে ৷
বুধবাৰে নতুন দিল্লীৰ এআইচিচিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত যোৰহাটৰ সাংসদ গৰাকীয়ে কয় ২০১৩ চনত মই এবাৰ পাকিস্তানলৈ গৈছিলো। কিয়নো মোৰ পত্নীয়ে ২০১১ চনত এটা বছৰ পাকিস্তানত আছিল ৷ তেওঁ পাকিস্তানস্থ এটা আন্ত:ৰাষ্ট্ৰীয় সন্থাত (NGO)ত তেওঁ কাম কৰিছিল। তেওঁ দেশখনত ২০১৫ চনলৈ আছিল ৷
আনহাতে মই আৰু মোৰ পত্নী পাকিস্তানলৈ ভাৰত চৰকাৰ নিৰ্ধাৰিত নীতি-নিয়ম অনুসৰি গৈছিলো ৷ অৱশ্যে এই ক্ষেত্ৰত এইয়া আমাৰ যদি দোষ হোৱা বুলি ভাবিছে তেন্তে চৰকাৰে শাস্তি দিয়ক বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য দিয়ে ৷
একেদৰে তেওঁৰ পত্নী আৰু দুই সন্তান ইংলেণ্ডৰ নাগৰিক হোৱা সন্দৰ্ভত যিবোৰ প্ৰশ্ন উদ্থাপিত হৈছে ৷ তাৰ প্ৰত্তুত্যৰত গগৈয়ে কয় তেওঁৰ পত্নী- সন্তানৰ নাগৰিকত্ব বিষয়টো সম্পূৰ্ণ ব্যক্তিগত বিষয়।