Samaguri Incident:নগাঁও -কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী শুকানজুৰিত অঘটন

শিলৰ মহলত মাটি খহি মৃত্যু দুজনৰ

body

Samaguri Incident:

নগাঁও -কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী শুকানজুৰিত অঘটন ৷ এটা শিলৰ মহলত মাটি খহি আহত হৈছিল দুজন শ্ৰমিক। শিল কঢ়িওৱা ট্ৰাকৰ চকাত লাগি থকা শিল এৰুৱাই থাকোতে শ্ৰমিক দুজনৰ ওপৰত খহি পৰে পাহাৰ।

আহত শ্ৰমিক দুজনক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ ৷কিন্ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় শ্ৰমিক দুজনৰ ৷ মৃত শ্ৰমিক দুজনৰ নাম বাবু মুড়া আৰু ভাইলা মুড়া।

উল্লেখ্য যে অঘটন সংঘটিত হোৱা শিলৰ মহলটো কাৰ্বি আংলং জিলাৰ উত্তৰ পশ্চিম পাৰ্কুপ পাহাৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ। আনহাতে ঘটনাটো সংঘটিত হোৱাৰ পাছতে শিলৰ মহলটোৰ পৰা পলায়ন কৰে সকলোৱে।

Exit mobile version