Shehbaz Sharif: ভাৰতৰ ব্ৰহ্মছ ক্ষেপণাস্ত্ৰত বিপর্যস্ত হৈছিল পাক বায়ু সেনাৰ ঘাঁটি। যাৰ ভিতৰত আছিল ৰাৱালপিণ্ডি বিমানবন্দৰ। এই কথা নিজেই স্বীকাৰ কৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ।
সম্প্ৰতি এক অনুষ্ঠানত ভাষণ দি তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে ভাৰতে পাকিস্তানৰ বিমান ঘাটিত আক্ৰমণ কৰিছে। ইতিমধ্যে পাকিস্তানে আক্ৰমণৰ পৰিকল্পনা কৰিছিল। কিন্তু আগতীয়াকৈ এই আক্ৰমণত তেওঁলোক হতভম্ব হয় আৰু পাকিস্তানৰ সকলো কৌশল বিফল হয়।
শ্বাহবাজ শ্বৰীফে কয়, ” বিগত ন আৰু ১০ মে’ৰ নিশা আমি ভাৰতৰ আগ্ৰাসনৰ প্ৰতি সঁহাৰি জনোৱাৰ সিদ্ধান্ত লৈছিলো। আমাৰ সশস্ত্ৰ বাহিনীয়ে ফজৰ নামাজৰ পাছত পুৱা ৪:৩০ বজাত তেওঁলোকক শিক্ষা দিয়াৰ পৰিকল্পনা কৰিছিল। কিন্তু তাৰ আগতে ভাৰতে ব্ৰাহ্মোছৰ স’তে আক্ৰমণ কৰিছিল।পাকিস্তানৰ বহু প্ৰদেশত আক্ৰমণ চলাইছিল। য’ত ৰাৱালপিণ্ডি বিমানবন্দৰ অন্তৰ্ভুক্ত আছিল।”
ইফালে সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰৰ মতে, ভাৰতৰ প্ৰতিশোধত পাকিস্তান স্তম্ভিত হৈ পৰে। ইছলামবাদে অপাৰেচন সিন্দূৰৰ লগে লগে দিল্লীক যুদ্ধবিৰতিৰ আহ্বান জনায়। যদিও পাকিস্তানৰ এই প্ৰস্তাৱ যথেষ্ট সন্দেহজনক আছিল।
কিয়নো তেতিয়ালৈকে পাকিস্তানী সেনাই নিয়ন্ত্ৰণ ৰেখাৰ কাষেৰে গোলাবৰ্ষণ আৰম্ভ কৰিছিল। কিন্তু পাছত দুয়োখন দেশে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে। ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে এই যুদ্ধ বিৰতিৰ কথা ঘোষণা কৰে। সেই সময়ত দুয়োখন দেশৰ ডিজিএমঅ’ই হটলাইনত বাৰ্তালাপ কৰে।
সম্প্ৰতি যুদ্ধবিৰতি চলি আছে । কিন্তু যুদ্ধবিৰতি আৰম্ভ হোৱাৰ পাছতো পাকিস্তানে এই যুদ্ধবিৰতি উলংঘা কৰিলে।






























